Advertisment

চতিয়াত নিচাযুক্ত সামগ্ৰীসহ আটক দুই সৰবৰাহকাৰী...

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । সমান্তৰালভাৱে চতিয়াত পুনৰ নিচাযুক্ত সামগ্ৰীসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । সমান্তৰালভাৱে চতিয়াত পুনৰ নিচাযুক্ত সামগ্ৰীসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

Advertisment

বিশ্বনাথ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চতিয়া আৰক্ষীৰ এক বিশেষ অভিযানকাৰী দলে দুখন যাত্ৰীবাহী বাছৰ পৰা দুজন নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । বিশ্বনাথৰ বিতু ঘোষ আৰু বিহালীৰ মাচুম আলিৰ পৰা দুটাকৈ কন্টেইনাৰ ভৰ্তি নিচীযুক্ত সামগ্ৰী, দুটা চিৰিঞ্জ আৰু এটা খালি কন্টেইনাৰ জব্দ কৰে আৰক্ষীৰ দলটোৱে৷

চতিয়াৰ ঘিলাধাৰী দলঙৰ সমীপতে এই দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷ সম্প্ৰতি আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷ 

নিচাযুক্ত সামগ্ৰী