ডিজিটেল সংবাদ,শোণিতপুৰঃ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ বুধবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ হে'ৰইনসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
AS -32- B- 7900 নম্বৰৰ এখন বাইকেৰে খনামুখৰ পৰা অৰুণাচল প্ৰদেশলৈ হেৰ'ইনখিনি সৰবৰাহ কৰি নি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে বাইকসহ দুই যুৱকক। আটকাধীন যুৱক দুজনৰ নাম ৰবি লামা আৰু মাইকেল পি.জি বুলি জানিব পৰা গৈছে।
জব্দকৃত হে'ৰইন খিনিৰ মূল্য প্ৰায় ৩০ লক্ষাধিক টকা হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে। সম্প্ৰতি আৰক্ষীয়ে দুই অভিযুক্তৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷