/asomiyapratidin/media/media_files/2025/04/19/zILBN7YbNEU5eQsowRKh.jpg)
মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা
ডিজিটেল সংবাদ, মৈৰাবাৰী : মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ জালত পৰিল দুটাকৈ কুখ্যাত ডকাইত। মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পঙ্কজ দাসৰ নেতৃত্বত চলিছিল এই অভিযান। ধৃত ডকাইত দুটা বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বেন্নীবাৰীৰ দিলীপ বিশ্বাস আৰু বজালী জিলাৰ বাটোৱা গাঁৱৰ ছহৰউদ্দীন।
দুয়োৰে পৰা আৰক্ষীয়ে AS14-L 3823 নম্বৰৰ এটা বাজাজ পালচাৰ ২২০ বাইক, দুটা মোবাইল ফোন, চুৰি-ডকাইতি কাণ্ডত ব্যৱহৃত সন্দেহজনক সামগ্ৰীও জব্দ কৰে। উল্লেখ যে, দিলীপ বিশ্বাস নামৰ লোকজনক আৰক্ষীয়ে পূৰ্বতে ভৰিত গুলি কৰিছিল বুলি জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে অসমৰ বিভিন্ন থানাত পৃথকে পৃথকে ১৮ টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।