/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c7f70f92-bd1e-4152-ace7-ef842254c25e/goru_sur_12.jpg)
nogaon
ডিজিটেল সংবাদ নগাঁও : গৰুৰ চোৰাং ব্যৱসায়ীৰে মিতিৰালি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে নগাঁৱৰ দুই আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷ কলিয়াবৰ মহকুমাত কৰ্তব্যৰত দুই আৰক্ষী বিষয়াৰ নাম গৰুৰ চোৰাং ব্যৱসায়ৰে সাঙুৰ খোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
এই বিষয়া দুজনৰ নাম হৈছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷ চোৰাং গৰু ব্যৱসায়ীয়ে আৰক্ষী বিষয়া দুজনে মিতিৰালি কৰাৰ অভিযোগ উঠিছে যদিও তদন্তকাৰী বিষয়াই কোনো নিশ্চিত তথ্য বৰ্তমানলৈকে লাভ কৰা নাই ৷
এই ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত গৰুৰ চোৰাং ব্যৱসায়ীৰে কোনো আৰক্ষী বিষয়া জড়িত হোৱাৰ নিশ্চিত তথ্য তদন্তৰ সময়ত লাভ কৰিলে ৰেহাই নিদিয়ে বুলি স্পষ্ট কৰে ৷
লগতে কলিয়াবৰ আৰক্ষী থানাত কৰ্তব্যৰত গৃহৰক্ষী বাহিনীৰ জোৱান মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে মকবুলে চোৰাং ব্যৱসায়ৰে জড়িত থকা লোকৰ পৰা সংগ্ৰহ কৰা ৬৫ হাজাৰ টকা জব্দ কৰাৰ কথা বুলি জনায় আৰক্ষী অধীক্ষকে ৷ লগতে কয় যে, তদন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে ৷ সকলো বিষয় তদন্তত সামৰা হ'ব ৷
মঙলবাৰে চামগুৰি আৰক্ষীয়ে আটক কৰিছিল মকবুল হুছেইনক ৷ কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া আৰু কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নাম লৈ গৃহৰক্ষী বাহিনীৰ জোৱান মকবুলে ধন লৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷
গ্ৰেপ্তাৰ হোৱা মকবুলৰ জিম্মাৰ পৰা ৬৫ হাজাৰ জব্দ কৰা হৈছে যদিও সংগ্ৰহ কৰা এক লাখৰ আন ৩৫ হাজাৰ টকা কাক আদায় দিলে সেই কথা আৰক্ষীৰ জেৰাত মকবুলে স্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে সেই কথা তদন্তৰ খাতিৰত ৰাজহুৱা কৰা নাই ৷
উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা আৰক্ষীয়ে ৰাঘব নামৰ নৈশ বাছখনত ৩৪ টাকৈ গৰু উদ্ধাৰ কৰিছিল ৷ গাড়ী চালক আৰু হেন্দিমেনে পলায়ন কৰিছিল ৷ পিছত আৰক্ষীয়ে নৈশ বাছখনৰ স্বতাধিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷
গৃহৰক্ষী বাহিনীৰ জোৱান মকবুলে এই ঘটনাৰ সুবিধা বুজি দালাল চামচুলৰ জৰিয়তে অভিযুক্তৰ পৰা সংগ্ৰহ কৰিছিল ধন ৷ ইফালে নৈশ বাছৰ গৰাকী গৰ্ভৱতী মহিলা হোৱাৰ বাবে দুদিনৰ বাবে থানাৰ পৰা চিকিৎসাৰ বাবে যাবলৈ দিয়া হৈছিল ৷
গৰুৰ চোৰাং ব্যৱসায়ীৰ পৰা ধন লোৱা কথা নগাঁও আৰক্ষীৰ উদ্ধৰ্তম বিষয়াই জানিব পাৰি গোপনে তদন্ত কৰি মকবুলক আটক কৰাৰ লগতে অভিযুক্তৰ পৰা আদায় লোৱা ধনৰ ৬৫ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মকবুলক আটক কৰাৰ পিছত ঘটনাৰে দুজনকৈ আৰক্ষী বিষয়ালৈ অভিযোগৰ আঙুলি উঠাত নগাঁও আৰক্ষী অধীক্ষকে কাৰ্যালয়লৈ গৃহৰক্ষী জোৱানজনক আনি বুধবাৰে বিয়লিলৈকে জেৰা কৰে আৰু সমগ্ৰ ঘটনা উপ আৰক্ষী অধীক্ষকৰ জৰিয়তে তদন্ত কৰোৱাৰ নিৰ্দেশ দিয়ে ৷