গোগামুখত মাৰণাস্ত্ৰসহ দুজন লোকক আটক আৰক্ষীৰ

ধেমাজি জিলাৰ উপ-আৰক্ষী অধীক্ষক অনিল মৰাঙৰ নেতৃত্বত যোৱা গোগামুখৰ আৰক্ষীৰ এটি দলে বুধবাৰে বিয়লি ৪.৩০ বজাত ঢকুৱাখনাৰ পৰা গোগামুখ অভিমুখে পালচাৰ বাইকেৰে আহি থকা অৱস্থাতে দুজন লোকক আটক কৰে

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ উপ-আৰক্ষী অধীক্ষক অনিল মৰাঙৰ নেতৃত্বত যোৱা গোগামুখৰ আৰক্ষীৰ এটি দলে বুধবাৰে বিয়লি ৪.৩০ বজাত ঢকুৱাখনাৰ পৰা গোগামুখ অভিমুখে পালচাৰ বাইকেৰে আহি থকা অৱস্থাতে দুজন লোকক আটক কৰে। লোক দুজন হৈছে গোগামুখৰ নাহৰবাৰীত গগণ পেগু(৫০) আৰু কানু পেগু (৩০)।

 আটক কৰা লোকদুজনৰ পৰা আৰক্ষীয়ে ৭.৬৫ এটা পিষ্টল, দুই ৰাউণ্ড সজীৱ গুলী আৰু আন এটা এয়াৰ পিষ্টল জব্দ কৰে। তাৰোপৰি দুটা মোবাইল, এটা স্কুল বেগ আৰু মটৰ চাইকেলখন জব্দ কৰে ৷

ফোনযোগে ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় জনোৱামতে ইতিমধ্যে দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোগামুখ আৰক্ষী থানাতে আৰক্ষী অধীক্ষকে জেৰা অবাহত ৰাখিছে ৷

গোগামুখ