/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/supreme-court.jpg)
ডিজিটেল ডেস্ক: দেশৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৰিলে নতুন ঘোষণা । দীৰ্ঘদিন ধৰি বিচাৰ নোহোৱা গোচৰত অভিযুক্ত ব্যক্তিক কাৰাগাৰত বন্দী কৰি ৰখাৰ অনুমতি দিয়া নহ'ব । এই সিদ্ধান্তৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে শনিবাৰে চাৰি বছৰ ধৰি কাৰাবন্দী হৈ থকা অথচ বিচাৰ নোহোৱা দুই অভিযুক্ত ব্যক্তিক জামিনত মুক্তি প্ৰদান কৰে । ইয়াৰে প্ৰথম অভিযুক্তগৰাকীক ২০১৮ চনতে ৪১৪ কিলোগ্ৰাম ভাং জব্দ কৰা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল যদিও আজিকোপতি আৰম্ভ নহ'ল বিচাৰ প্ৰক্ৰিয়া ।
এই সন্দৰ্ভত বিচাৰপীঠৰ ন্যায়াধীশ এছ কে কউল আৰু পি এছ নৰসিংহই দিয়া মন্তব্য অনুসৰি গোচৰ সংক্ৰান্তীয় নথি-পত্ৰ ২০১৮ তে তৈয়াৰ হৈছিল যদিও তাৰ পাছত বিচাৰ প্ৰক্ৰিয়া আগ নাবাঢ়ে । তেনেস্থলত বিচাৰ প্ৰক্ৰিয়া আৰম্ভও নকৰাকৈ কাৰাবন্দী কৰি ৰখাৰ পৰিৱৰ্তে জামিনত মুক্তি দিবলৈ ৰায়দান দিয়ে বিচাৰপীঠৰ ন্যায়াধীশ দুগৰাকীয়ে ।
উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়ৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে জমা হোৱা বিচাৰৰ বোজা বাঢ়ি গৈ থকাৰ কথা উল্লেখ কৰাৰ পাছতেই তৎপৰ হৈ উঠিছিল ন্যায়ালয় সমূহ ।
আৰু পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য! পত্নীক হত্যা কৰি আচামীৰ আত্মহত্যা…