Advertisment

মাজবাটত নিচাজাতীয় দ্ৰব্যসহ আটক দুই সৰবৰাহকাৰী...

এক গোপন খবৰৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ নিজৰা চেন্টাৰৰ নিকটৱৰ্তী ঘন জংঘলত অভিযান চলায় জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযু্ক্ত সামগ্ৰীখিনি |

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মাজবাটঃ ওদালগুৰি জিলাৰ মাজবাটত পুনৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে মাজবাট আৰক্ষীয়ে ।  মাজবাট আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৪৪ কিলোগ্ৰাম নিষিদ্ধ নিচাজাতীয় সামগ্ৰী |

Advertisment

জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্রায় ৪ লাখ ৪০ হাজাৰ টকা। ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ সৰবৰাহকাৰীক I

ধৃত সৰবৰাহকাৰী দুটা হৈছে মাজবাটৰ চুতীয়া বস্তীৰ বালিৰাম বসুমতাৰী আৰু ২ নং ধনশ্ৰীৰ গোপচৰ গাঁৱৰ উত্তম নাৰ্জাৰী | এক গোপন খবৰৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ নিজৰা চেন্টাৰৰ নিকটৱৰ্তী ঘন জংঘলত অভিযান চলাই জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযু্ক্ত সামগ্ৰীখিনি | ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে ০৩/২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

নিচাযুক্ত সামগ্ৰী