/asomiyapratidin/media/media_files/2025/06/08/cbiCbZzyFF8oUWYL4Gbq.jpeg)
নদীবান্ধ আন্দোলনৰ নেত্ৰী আছিল হেনো তেওঁলোক...
ডিজিটেল সংবাদ, ঢকুৱাখনা: দুগৰাকী পৌড় মহিলা । জীৱনৰ বিয়লি বেলাত ৰোগ কিম্বা পীড়াই জুমুৰি দি ধৰিলেও বিগত প্ৰায় ১৫ টা বছৰে গাঁঠিৰ ধন ভাঙি তাঁত বাটি কৰি আহিছে প্ৰাপ্য ন্যায় বিচাৰি। এদিন দুদিন নহয়, ইতিমধ্যে ১৫ টা বছৰ অতিক্ৰম কৰিছে মুক্তি আৰু ন্যায় প্ৰাপ্তিৰ যুঁজত। বাৰ্ধক্য, শাৰীৰিক অসুস্থতাই ভেটা দিলেও শাসকগোষ্ঠী সৃষ্ট কৰাল গ্ৰাসৰ পৰা জীৱনৰ বিয়লি বেলা মুক্তিৰ আশাত বন্দী হৈ হাতত লাখুটি লৈ বাট বুলি আহিছে ডেৰ দশক ধৰি ।
ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বেবেজীয়া কাঠ গাঁওৰ দুই বয়স্ক আইতাৰ ডেৰ দশক জোৰা জীৱন চৰ্য্যা এয়া । গাঁওখনৰ প্ৰায় ৮৭ বছৰীয়া দৰিদ্ৰ, বিশেষভাৱে সক্ষম আৰু দুৰাৰোগ্য ৰোগত আক্রান্ত লাহেশ্বৰী চুতীয়া আৰু গাওঁখনৰে ৭১ বছৰীয়া বৃদ্ধা প্ৰতিভা চুতীয়াই ২০১১ চনৰ ১৬ জুনৰ পৰাই শাসক গোষ্ঠীৰ মনেসজা ষড়যন্ত্ৰৰ বলি হৈ জীয়া যন্ত্ৰণা ভোগী আহিছে ।
উত্তৰ অসমৰ সভ্যতা সংস্কৃতিৰ লগতে ভৌগলিক অস্তিত্বৰ প্ৰতি মহা সংকট তথা জলবোমা স্বৰূপ নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অখিল গগৈৰ নেতৃত্বত তেতিয়া জংগী প্ৰতিবাদৰ ভৰপক সময়। উত্তৰ অসমৰ প্ৰতি গৰাকী সচেতন ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন আৰু সহযোগিতাৰে এক গণ আন্দোলনলৈ ৰূপান্তৰ ঘটিছিল ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাউলধুৱাত কৃষক মুক্তিৰ এই বৃহৎ নদীবান্ধ বিৰোধী গণতান্ত্ৰিক সংগ্ৰামখন। এনে সময়তে এনএইছপিচি অথবা নদীবান্ধ বিৰোধী সংগ্ৰাম কি তাক বুজি নোপোৱা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দুগৰাকী বয়স্ক মহিলা ক্ৰমে লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়াই লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ বুলি ওলাই গৈছিল।
এনেতে চাউলধোৱাত সৃষ্টি হোৱা প্ৰবল যানজঁটত থমকি ৰৈ পথৰ কাষত বিশ্ৰাম লোৱাটোৱেই কাল হ'ল দুই বৃদ্ধা দৰিদ্ৰ মহিলাৰ বাবে। অন্য শত সহস্ৰজনৰ যাত্ৰী, প্ৰতিবাদকাৰী মাজৰ পৰা এই দুগৰাকী নিমাখিত বৃদ্ধাক ৰজাঘৰীয়াৰ নিৰ্দেশত সশস্ত্ৰ আৰক্ষী বাহিনীয়ে আটক কৰি লখিমপুৰ সদৰ থানালৈ লৈ যায়। ঘটনাৰ আও ভাও নুবুজা দুই অৱলা বৃদ্ধা মহিলাই সদৰ থানাৰ ভিতৰত সশস্ত্ৰ নিৰাপত্তা বাহিনীৰ বেহুত সোমাইহে বুজি পাই তেওঁলোক এতিয়াৰ পৰা বৃহৎ নদীবান্ধ বিৰোধী সংগ্ৰামৰ একো গৰাকী "অগ্ৰণী আৰু সংগ্ৰামী নেত্ৰী"। সেয়ে হয়তো দুয়োকে পাছদিনাই নিক্ষেপ কৰা হ'ল লখিমপুৰ জিলা কাৰাগাৰলৈ ।
আত্মীয়ৰ ঘৰলৈ বুলি মোনা ভৰাই অনা শাক পাচলি, চাউল, গুড়ৰ মেটমৰা টোপোলা শাসক বাহিনীৰ অত্যাচাৰত কৰবাত উফৰি পৰাৰ পাছত ৰঙা ঘৰৰ আলহী হোৱা ঘটনাৰ কলা দিনটোৰ পৰাই আজি ১৫ বছৰে সীমাহীন নৰক যন্ত্ৰণা ভোগী আহিছে দুই বয়স্ক ৰোগাক্ৰান্ত বৃদ্ধাই। "অসমীয়া প্ৰতিদিন ডিজিটেল" কাঠ গাঁওৰ এই দুই শাসক পক্ষৰ দৃষ্টিত "দাগি অপৰাধী"ৰ ঘৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰা হয়, কি দুৰ্বিসহ আৰু যন্ত্ৰনাকাতৰ জীৱন যাত্ৰাৰ মাজত বিগত ১৫ টা বছৰে নিয়মিত উক্ত গোচৰৰ আচামী হৈ লখিমপুৰ জিলা আদালতত উপস্থিত হবলগীয়া হৈছে।
জি আৰ গোচৰ ৬৪৩/২০১২ৰ আচামী এই দুই বাৰ্ধক্য আৰু ৰোগ পীড়াই কোঙা কৰা, বিশেষ ভাবে সক্ষম "সংগ্ৰামী"য়ে গাঁঠিৰ ধন ভাঙি , ৰোগাগ্ৰস্ততাকো উপেক্ষা কৰি নিয়মিত হাজিৰ হৈ আহিছে প্ৰায় ৭৮ কিলোমিটাৰ দূৰৰ লখিমপুৰ জিলা ন্যায়িক আদালতত। কোনোবা এটা আদালতৰ নিৰ্ধাৰিত দিনত অনুপস্থিত থাকিলেই হয় গ্ৰেপ্তাৰী পৰোৱানা আহে, নহয় ঘিলামৰা থানাৰ আৰক্ষীয়ে সশস্ত্ৰ জোৱান লৈ ঘৰত উপস্থিত হৈ সকীয়াই যোৱাৰ ধাৰাবাহিক প্ৰক্ৰিয়া চলি থাকিল। জীৱনৰ বিয়লি বেলাত আৰক্ষীৰ ৰঙা চকু, কঠোৰ সকীয়নিৰ বাঞ্ছা নকৰি হাতত লাখুটি লৈ, ৰোগীয়া দেহাৰেই লখিমপুৰলৈ ঢাপলি মেলি আহিছে দুই আইতাই।
দিনৰ দিনটো আদালতৰ মজিয়াত বিগত ১৫ টা বছৰে নিৰ্ধাৰিত দিনত বোন্দাপৰ দিব লগা হোৱা এই দুই নিৰ্দোষী আইতাৰ বাবে কি আৰক্ষী, কি গোচৰীয়া পক্ষ কাৰো নাই সহানুভূতি। যেন মৃত্যুৱেহে এই "ভয়ংকৰ অপৰাধ"( !)ৰ পৰা নিস্তাৰ পোৱাৰ অন্তিম সম্বল হ'ব দুই নিৰ্বোধ আইতাৰ বাবে। "অসমীয়া প্ৰতিদিন ডিজিটেল"ক সেই কলা দিনটো ৰোমন্থন কৰি লাহেশ্বৰী চুতীয়াই অশ্ৰুসিক্ত নয়নেৰে কয় " কিহৰ প্ৰতিবাদ, কাৰ বিৰোধিতা একো গম নাপাওঁ। লখিমপুৰৰ সম্পৰ্কীয়ৰ ঘৰলৈ যাওঁতেই আদ বাটত পুলিচে ধৰি দুয়োকে পুলিচৰ গাড়ীত উঠাই লখিমপুৰ সদৰ থানালৈ নিয়ে আৰু পাছদিনাই জেল হাজোতলৈ নিক্ষেপ কৰে। বিনা কাৰণত তিনি মাহ জে'লত সোমাই যমৰ যন্ত্ৰণা খালোঁ দুয়োৱে। ভোকৰ ভাত, পিয়াঁহৰ পানী এৰি ভগৱন্তক ধীয়াই ৯০ দিন কটালোঁ হাজোতত। তাৰ পাছতো ৰেহাই নাপালোঁ । প্ৰতি তিনি মাহে মাহে গাঁঠিৰ ধন ভাঙি লখিমপুৰ আদালতলৈ যাব লাগে। এদিন নগলেই পাছদিনাই ঘিলামৰা থানাৰ বন্দুকধাৰী আৰক্ষী ঘৰত উপস্থিত হৈ ৰঙা চকু দেখুৱাই। "
সম্প্ৰতি দুৰাৰোগ্য ৰোগত আক্ৰান্ত, এখন হাত প্ৰায় বিকল হৈ পৰা লাহেশ্বৰী চুতীয়া আইতাৰ লগতে ভুক্তভোগী প্ৰতিভা চুতীয়াইয়ো তিনি মাহ জে'লৰ ভাত খাই পৰৱৰ্তী সময়ত তাঁত বাতি কৰি আহিছে শাসক যন্ত্ৰই ৰুজু কৰা মনেসজা, ভুৱা গোচৰৰ পদকীয়া হৈ। নিজৰ চাকৰি বচাবলৈ, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তৈল মৰ্দন কৰিবলৈ, ক্ষমতাৰ গাদী কুক্ষিগত কৰি ৰাখিবলৈ বৃদ্ধ-বৃদ্ধা, ৰোগীয়া-ভোগীয়া ,
দোষী-নিৰ্দোষী বাচ বিচাৰ নকৰি তথাকথিত নিৰপেক্ষতাৰ শ্লোগান দিয়া অসম আৰক্ষীযে দাখিল কৰা নিজাববীয়া গোচৰৰ এই দুই "আচামী"ৰ বাবে জীয়াই থকাৰ অন্তিম সময়কনো হৈ পৰিছে অসহনীয়, দুৰ্বিসহ আৰু যন্ত্ৰনাকাতৰ ।
যিসময়ত বোমা বাৰুদেৰে অমানৱীয় হত্যালীলা সংঘটিত কৰা, ভয়াবহ নৰমেধ যজ্ঞৰ সূচনা কৰা দাগী দাগী দুধর্ষ অপৰাধীক আইনৰ দোহাই দি, নিষ্কলুষ সাজি জঘন্য হত্যাকাণ্ডৰ গোচৰৰ পৰা মুক্তি দিয়া হৈছে , তেনে সময়ত ঢকুৱাখনাৰ এই দুগৰাকী ৰোগাক্ৰান্ত বৃদ্ধাই জীৱনৰ বিয়লি বেলাত বিনা দোষত জেলৰ খাই পৰৱৰ্তী সময়ত বছৰ বছৰ ধৰি অকথ্য, অমানৱীয় মানসিক নির্যাতন ভোগীব লগা হৈছে। কাৰণ এনেবোৰ গ্ৰাম্য দৰিদ্ৰ বিদুষী বৃদ্ধাক নিষ্কলুষতাৰ প্ৰমাণ দি আদায় কৰিব নোৱাৰে ৰাজনৈতিক মুনাফা।
এই সকল ভুক্তভোগী বৃদ্ধাৰ মুক্তিৰ জৰিয়তে সিদ্ধি নহয় কোনো ধুৰন্ধৰ ৰাজনীতিকৰ ৰাজনৈতিক অভিপ্সা। সেয়ে হয়তো আমৃত্যু এনেদৰেই জীয়াতু ভোগীব লাগিব ঢকুৱাখনাৰ দুই স্নেহময়ী আইতাই। বাৰ্ধক্য আৰু দৰিদ্ৰতাই কেঁকুৰা চেঁপা দি কোঙা কৰিলেও এনে নিৰ্মম আৰু নিৰ্মোহ বাস্তৱৰ সন্মুখীন হ'বলৈ মানসিক ভাৱে প্ৰস্তুত হোৱাৰ হয়তো বিকল্প নহ'ব দুগৰাকী আইতাৰ বাবে।
উল্লেখযোগ্য যে, কৃষক মুক্তিৰ বৃহৎ নদীবান্ধ বিৰোধী গণতান্ত্ৰিক গণ সংগ্ৰামখনত অংশ গ্ৰহণ কৰা বুলি মুঠ ৪১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে আদালতত অদ্যপি গোচৰ চলি আছে। তাৰ ভিতৰত এই দুগৰাকী বয়স্ক আইতাও অন্যতম । অতি তাৎপৰ্যপূৰ্ণ দিশ হল এটা দুৰাৰোগ্য ৰোগত আক্ৰান্তহৈ চিকিৎসাধীন হোৱা, বিশেষভাৱে সক্ষম হোৱাৰ প্ৰামানিক প্ৰমাণ পত্ৰ দাখিল কৰাৰ পাছতো লাহেশ্বৰী চুতীয়া আইতাই এদিনো আদালতত উপস্থিত থকাৰ পৰা ৰেহাই পোৱা নাই কিম্বা গোচৰৰ পৰা খালাচো পোৱা নাই।
বেবেজীয়া কাঠ গাঁওৰ এই দুগৰাকী ভুক্তভোগী দৰিদ্ৰ পদকীয়াৰ আইনী যুঁজত বহুলাংশে সহযোগিতা আগবঢ়াই আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক মুক্তিৰ নব নিৰ্বাচিত সভাপতি ৰাজু ৰাজ বৰপাত্ৰই শনিবাৰে এই দুই আইতাৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু গামোচা পিন্ধাই চৰণ চুই আশীৰ্বাদ বিচাৰে।
/asomiyapratidin/media/media_files/2025/06/08/s5TzyMkkO0FLfNhlxCoU.jpeg)
ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈকে প্ৰমুখ্য কৰি অন্য সতীৰ্থ সকলৰ সহযোগিতাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে কয় - "ভুৱা গোচৰৰ জীয়া যন্ত্ৰণা ভোগাই ৰং চোৱা শাসক গোষ্ঠী আৰু অসম আৰক্ষীয়ে বান লবীৰ পক্ষত থাকি, বৃহৎ পুঁজিপতি গোষ্ঠীৰ পক্ষত থাকি, উত্তৰ অসমৰ সভ্যতা সংস্কৃতি নিঃশেষ কৰাৰ স্বাৰ্থত জলবোমা নিৰ্মাণত উঠি পৰি লাগিছিল লাগিছে। যাৰ বাবে ক্ষমতাৰ অপব্যৱহাৰ কৰি হকে বিহকে শিমলুগুড়িৰ পৰা চাউলধুৱা আৰক্ষী চকী পৰ্যন্ত বিভিন্ন থানাত ভুৱা গোচৰ ৰুজু কৰি শৰীৰক মানসিক অকথ্য নিৰ্য্যাতন চলোৱা হৈছিল নাগৰিকৰ ওপৰত। তাৰেই উজ্জ্বল নিদৰ্শন ঢকুৱাখনাৰ দুগৰাকী আইতা।" বাস্তৱিকতে মানৱ অধিকাৰ খৰ্ব কৰি দুগৰাকী নিৰীহ বয়স্ক বৃদ্ধাক বছৰ বছৰ ধৰি ভোগাই অহা মানসিক নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়া গোচৰ লোৱাৰো আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বৰপাত্ৰই।