বীৰ লাচিত সেনাৰ দুই কাৰ্যকৰ্তাক বহিষ্কাৰ

বীৰ লাচিত সেনা অসমৰ দুই কৰ্মকৰ্তাক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বহিষ্কাৰ কৰা হৈছে। তেওঁলোক হৈছে- টংলা আঞ্চলিক সমিতিৰ মুখ্য সচিব দলেশ্বৰ বড়ো আৰু প্রশাসনিক সচিব হৰেন শৰ্মা।

author-image
Asomiya Pratidin
New Update
বীৰ লাচিত সেনা

বীৰ লাচিত সেনা

ডিজিটেল সংবাদ, ওদালগুৰি : বীৰ লাচিত সেনা অসমৰ দুই কৰ্মকৰ্তাক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বহিষ্কাৰ কৰা হৈছে। তেওঁলোক হৈছে- টংলা আঞ্চলিক সমিতিৰ মুখ্য সচিব দলেশ্বৰ বড়ো আৰু প্রশাসনিক সচিব হৰেন শৰ্মা।

Advertisment

বিষয়টো সন্দৰ্ভত ওদালগুৰি জিলা সভাপতি তথা মুখ্য সচিব স্বাক্ষৰিত পত্ৰত উল্লেখ কৰে যে, "বীৰ লাচিত সেনা অসম ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত থকা টংলা আঞ্চলিক সমিতিৰ মুখ্য সচিব দলেশ্বৰ বড়ো, প্রশাসনিক সচিব হৰেন শৰ্মা এই দুই গৰাকী সদস্যই জিলা সমিতিক অৱমাননা কৰাৰ লগতে লাচিত সেনাৰ বেনাৰ ব্যৱহাৰ কৰি অনৈতিক কামত লিপ্ত হোৱাৰ লগতে সংগঠনৰ গৰিমাত আঘাত লগা কাম কৰাৰ অপৰাধত সংগঠনৰ মজিয়াৰ পৰা বহিস্কাৰ কৰা হ’ল। 

আজিৰ পৰা তেখেতসকল বীৰ লাচিত সেনাৰ কোনো কামত জড়িত নহয়। আগন্তুক দিনত সিহঁত কেইজনে কোনো ধৰণৰ অনৈতিক কামত লিপ্ত হলে বীৰ লাচিত সেনা জগৰীয়া নহয়" বুলি উল্লেখ কৰে।

ওদালগুৰি বীৰ লাচিত সেনা