/asomiyapratidin/media/media_files/2025/06/03/uSlX5KO4nEoT09t2QSls.jpg)
ডিজিটেল ডেস্কঃ বন ময়ূৰে চালি মেলিলে। অৰণ্যত নহয়, গুৱাহাটী প্ৰেছ ক্লাৱত। মঙলবাৰে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত উন্মোচন হ'ল এগৰাকী লেখিকাৰ দুখনকৈ গ্ৰন্থ। তাৰেই এখন আছিল কাব্য সংকলন- বন ময়ূৰৰ চালি। তাৰ লগতে উন্মোচিত হোৱা একেগৰাকী লেখিকাৰ বিদেশ ভ্ৰমণ কাহিনীৰে সমৃদ্ধ আনখন গ্ৰন্থ আছিল- লণ্ডন, ইউৰোপ ভ্ৰমি আহিলো।
অসমীয়া সাহিত্য জগতত এটা চিনাকি নাম ৰত্না ৰংচেহনপী। এইগৰাকী লেখিকাৰে জাগৰণ প্ৰকাশনে প্ৰকাশ কৰা এই দুয়োখন গ্ৰন্থ উন্মোচন কৰে ক্ৰমে- পদুমী গগৈ, প্ৰকাশ মহন্ত, ড০ পূৰ্ণ ভট্টাচাৰ্য আৰু মাইনী মহন্তই। প্ৰেছ ক্লাৱত আয়োজন কৰা এই উন্মোচন অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি লেখিকা ৰংচেহনপীয়ে দুয়োখন গ্ৰন্থ পাঠকে আদৰি ল'লে উৎসাহিত হ’ব বুলি মন্তব্য কৰে।
অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্তই ৰখা বক্তব্যত কাৰ্বিসকল সাহিত্য-সংস্কৃতি দিশত কিমান আগবঢ়া সেই কথা উল্লেখ কৰে। অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়েও অসমৰ গ্ৰামাঞ্চলৰ সকলো মহিলা সাহিত্য আৰু সামাজিক ক্ষেত্ৰত সচেতন হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ ব্যস্ততাৰ মাজতে ৰত্নী ৰংচেহনপীৰ সাহিত্য চৰ্চাক প্ৰশংসা কৰে।
অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই অসমীয়া ভাষা-সাহিত্য আৰু সমাজিক প্ৰেক্ষাপট সামৰি সাৱলীল বক্তব্য দাঙি ধৰে। বিশিষ্ট সাংবাদিকগৰাকীয়ে, কাৰ্বিসকলে মহিলাসকলক অতীজৰে পৰা কেনেকৈ সামাজিকভাৱে বিশেষ স্থান প্ৰদান কৰি আহিছে সেই কথাও উল্লেখ কৰে।
তেওঁ কয় যে, অসমৰ কোনো এটা জনগোষ্ঠীত নে পৰম্পৰা নাই যে, স্বামীৰ উপাধিৰ পিছত পত্নীয়ে পী শব্দ যোগ কৰাতো। কিন্তু কাৰ্বিসকলে অতীজৰে পৰাই এনে এক পৰম্পৰা বৰ্তাই ৰাখিছে। সেয়েহে কাৰ্বিসকলৰ স্বামীৰ উপাধি যদি ৰংচেহন হয়, তেন্তে পত্নীয়ে লিখে ৰংচেহনপী। বৃহত্তৰ অসমীয়া জাতিৰ ভিতৰত নাৰী সমাজক এনে স্বীকৃতি বিৰল।
জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লগতে গীতাৰ উদ্ধৃতি দি কয়- পৃথিৱীত এনে কোনো শব্দ নাই যাৰ জৰিয়তে মন্ত্ৰ সৃষ্টি কৰিব নোৱাৰি। পৃথিৱীত এনে গছৰ গছৰ গুটি নাই, যাৰ কোনো ঔষধি গুণা নাই। ঠিক তেনেদৰে পৃথিৱীৰ এনে কোনো মানুহ নাই যি সম্পূৰ্ণৰূপে জ্ঞানহীন। অভাৱ মাথোঁ নিজক প্ৰশিক্ষণ আৰু অভিভাৱকত্বৰ। মই ভাবো এখন গ্ৰন্থই এগৰাকী লোকক এই অভিভাৱকত্ব প্ৰদান কৰিব পাৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী কৰ্মাচ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা কবি ড০ পূৰ্ণ ভট্টাচাৰ্যই অসমীয়া কবিতাত শব্দৰ প্ৰয়োগ আৰু নীলমণি ফুকনৰ কবিতাত শব্দৰ বাচনিক লৈ এক সুন্দৰ বিস্তৃত বাখ্যা দাঙি ধৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম লেখিকা সন্থাৰ প্ৰায় সংখ্যক বিষয়ববীয়া উপস্থিত থকাৰ লগতে বহু সংখ্যক সাহিত্যনুৰাগী উপস্থিত থাকে।