/asomiyapratidin/media/media_files/2025/05/24/4zrYtpNNovUC1WU0fYXF.jpg)
আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী, উদ্ধাৰ দুই নাবালিকা
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰা দুৰ্বৃত্তই মেলিছে নাৰী সৰবৰাহৰ ভয়ংকৰ জাল। শেহতীয়াকৈ অঞ্চলটোত নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে দুগৰাকী নাবালিকাক। লগতে আটক হৈছে এটা নাৰী সৰবৰাহকাৰীক।
আৰক্ষীয়ে আটক কৰা নাৰী সৰবৰাহকাৰীটোৰ নাম সাহাৰ আলী বুলি জানিব পৰা গৈছে। ইফালে পৰিয়ালৰ এজাহাৰ ভিত্তিত কাজিগাঁও আৰক্ষীয়ে পশ্চিমবংগৰ জলপাইগুৰিৰ পৰা উদ্ধাৰ কৰে দুই নাবালিকাক। বহিঃ ৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভন দি দুই নাবালিকাক নাৰী দেহ ব্যৱসায় চক্ৰত বিক্ৰী কৰাৰ যো-জা কৰি থাকতেই আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত দুয়োকে উদ্ধাৰ কৰে। আনহাতে, কাজিগাঁও আৰক্ষীয়ে আটক হোৱা নাৰী সৰবৰাহকাৰীটোক মাৰথন জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us