/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/924e711a-cc52-4d89-919f-f3dab1b050bc/mg.jpg)
ডিজিটেল সংবাদ, লামডিং: শিলচৰ গুৱাহাটী ৰে'লৰ পৰা মঙলবাৰে ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে দুই কিশোৰীক ৷ ডিমা হাচাও জিলাৰ মাইবঙৰ পৰা কিশোৰী দুগৰাকীক লৈ যোৱাৰ চেষ্টা চলাইছিল এগৰাকী স্থানীয় মহিলাই ৷
কাম দিয়াৰ প্ৰলোভনৰে কিশোৰী দুগৰাকীক দিল্লীলৈ সৰৱৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ৰেল আৰক্ষীয়ে এই সংক্ৰান্তত মাইবঙৰে সুনিতা ৰয় নামৰ এগৰাকী মহিলাকো আটক কৰিছে ৷
আটকাধীন মহিলাগৰাকীয়ে কিশোৰী দুগৰাকীক বহি:ৰাজ্যলৈ কাম দিয়াৰ প্ৰলোভনেৰে বিক্ৰী কৰাৰ চক্ৰান্ত চলাইছিল নে নাই সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us