Advertisment

লামডিংত বন্দুক, নকল সোণ সহ আটক দুজন

লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত চলা এই অভিযানত আৰক্ষীয়ে দুজন লোকক আটক কৰে। অভিযুক্তদ্বয় ক্ৰমে ৰামাজি ৰাম আৰু বলাই ৰায় ৷বৰ্তমানো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে

author-image
Asomiya Pratidin
New Update
khkjl

ডিজিটেল সংবাদ,লামডিংঃ   হোজাই জিলাৰ এছ আই বি দলে হৰুলংফাৰ লাষ্ট কলনিত অভিযান চলাই ২৩৭ গ্ৰাম নকল সোণসহ এটা হাতে সজা কট্টা আৰু এটা পুতলা পিষ্টল উদ্ধাৰ কৰে ৷ 

Advertisment

লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত চলা এই অভিযানত আৰক্ষীয়ে দুজন লোকক আটক কৰে। অভিযুক্তদ্বয় ক্ৰমে ৰামাজি ৰাম আৰু বলাই ৰায় ৷ ৰামাজি ৰামৰ মাতৃৰ ৰেলৱে আৱাসগৃহ ২৩৪ D নম্বৰৰ পৰা সামগ্ৰীখিনি জব্দ কৰে আৰক্ষীয়ে ৷ 

ইফালে আৰক্ষীয়ে থানাত সোধা-পোছা অব্যাহত ৰখাৰ সময়তে মূল অভিযুক্ত ৰামাজি ৰাম থানাৰ পৰা পলাই যাবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে পুনৰ থানাৰ সমীপৰ পৰা ৰাইজৰ সহযোগত আটক কৰে ৷

ঘটনা সন্দৰ্ভত বৰ্তমানো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব।

লামডিং