Advertisment

চিৰাঙত কিশোৰীক যৌন নিৰ্যাতনত অভিযুক্ত দুজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

উল্লেখ্য যে দলবদ্ধ ধৰ্ষণকাণ্ডত অভিযুক্ত দুজনৰ লগত আন এগৰাকী কিশোৰ জড়িত আছিল। কিশোৰ আচামীজনৰ জুভেনাইল আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে বুলি চৰকাৰী অধিবক্তা নন্দিনী বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ  এগৰাকী আদিবাসী ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত দুই আচামীক চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে । বিগত ২০২৩ চনৰ মাৰ্চ মাহত চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকী এলেকাত এগৰাকী ১৭ বছৰীয়া কিশোৰীক ভয় ভাবুকি প্ৰদান কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল দুজন লোকে।

Advertisment

দুই অভিযুক্ত ক্ৰমে ৰতন কিস্কু আৰু থমাছ কিস্কুক চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ বিচাৰপতি চি চতুৰ্বেদীৰ আদালতে প'কছ আইনৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হেজাৰ টকাকৈ জৰিমনা বিহাৰ ৰায়দান দিয়ে । জৰিমনাৰ টকা অনাদায়ে আৰু অতিৰিক্ত দুই বছৰ কাৰাবাস খাটিব লাগিব বুলি ৰায়দানত ঘোষণা কৰে । 

উল্লেখ্য যে দলবদ্ধ ধৰ্ষণকাণ্ডত অভিযুক্ত দুজনৰ লগত আন এগৰাকী কিশোৰ জড়িত আছিল। কিশোৰ আচামীজনৰ জুভেনাইল আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে বুলি চৰকাৰী অধিবক্তা নন্দিনী বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

কাৰাদণ্ড যৌন নিৰ্যাতনকাৰী চিৰাং