ঢকুৱাখনাত টি এম এম কেৰ কেন্দ্ৰীয় নেত্ৰীসহ বহুজনৰ কংগ্ৰেছত যোগদান

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দললৈ আগমন ঘটিছে ইজনৰ পাছত সিজন নেতাৰ। ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত চিৰিংৰগৰা গাঁওৰ গৰিষ্ঠ সংখ্যক ৰাইজ একত্ৰিত হৈ কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত দুগৰাকী অগ্ৰণী আৰু জাতীয়তাবাদী দল সংগঠনৰ নেতৃত্বই কংগ্ৰেছ দলত যোগ দিয়ে

author-image
Asomiya Pratidin
New Update
ৰাজীৱ ভৱনত উল্লাসৰ ধ্বনি

ৰাজীৱ ভৱনত উল্লাসৰ ধ্বনি

ডিজিটেল সংবাদ, ঢকুৱাখনা: সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আগমন ঘটিছে ইজনৰ পাছত সিজন নেতাৰ। ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত চিৰিংৰগৰা গাঁওৰ গৰিষ্ঠ সংখ্যক ৰাইজ একত্ৰিত হৈ কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত বুধবাৰে দুগৰাকী অগ্ৰণী আৰু জাতীয়তাবাদী দল সংগঠনৰ নেতৃত্বই কংগ্ৰেছ দলত যোগ দিয়ে। অগপ দলৰ তৃণমূল কৰ্মীৰ সমৰ্থনত বুধবাৰে  প্ৰবীণ শিক্ষাবিদ জ্যেষ্ঠ অগপ কৰ্মী মুহি ৰাম পেগু আৰু মিচিং জাতীয় সংগঠন টি এম এম কেৰ কেন্দ্ৰীয় নেত্ৰী ৰাজ কুমাৰী  কুম্বাং লাগাচুৱে  কংগ্ৰেছ দলৰ যোগদান কৰে। পূব ঢকুৱাখনা মাতমৰা অঞ্চলত সুনাম থকা ,বিশিষ্ট শিক্ষাবিদ পেগু আৰু মিচিং জাতীয় সংগঠনৰ সৰবৰহী অগ্ৰণী মহিলা নেত্ৰী কুম্বাং  লাগাচুৱে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। 

Advertisment

গৰিষ্ঠ সংখ্যক সমৰ্থকসহ এই দুই গুৰুত্বপূৰ্ণ ব্যক্তিৰ কংগ্ৰেছ দলৰ ঢকুৱাখনা ৰাজীৱ ভৱনলৈ আগমনৰ সময়ত ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱা, কুশল খনিকৰ, ৰমেন মিলি ,ৰাকেশ পেগু, কুসুম বৰুৱা,অনুপ বৰুৱা আদিৰ নেতৃত্বত এটা ব্লক কংগ্ৰেছৰ দলে দুয়োগৰাকী নবাগতৰ লগতে সমৰ্থক সকলক  ৰাজীৱ ভৱনলৈ দলীয় শ্লোগানেৰে আদৰি আনে । ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনলৈ সমদল কৰি আদৰি আনি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা নবাগত সকলক গামোচা,  দলীয় টুপী আৰু গলবস্ত্ৰ পৰিধান কৰোৱাই আদৰণি জনোৱা হয় । 

উল্লেখযোগ্য যে, পূব ঢকুৱাখনা মাতমৰা জিলা পৰিষদ সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মুহি ৰাম পেগুক তেওঁৰ সমৰ্থকৰ আহ্বানৰ প্ৰতি সন্মান জনাই বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ তৰফৰ পৰা জিলা পৰিষদ সমষ্টিৰ সদস্যৰ দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব বুলি ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱাই আশ্বাস প্ৰদান কৰিছে।
 তাৰোপৰি গেৰুৱা দলৰ সক্ৰিয় কৰ্মী হেমলতা সন্দিকৈ, হেম গগৈ ,অনিল দলে সহ ৪গৰাকী সক্ৰিয় কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে বুলি ব্লক কংগ্ৰেছৰ সূত্ৰই সংবাদ মাধ্যমক জনাইছে।

ঢকুৱাখনা অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ