Advertisment

কিছামাত নগাসকলৰ চহকী ঐতিহ্য-লোককৃষ্টি চাই মুগ্ধ দুই লাখ দেশী-বিদেশী পৰ্যটক

ক'হিমাৰ নগা ঐতিহ্য গাঁও কিচামত দহদিনীয়াকৈ অনুষ্ঠিত হোৱা ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ মংগলবাৰে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সফল সামৰণি পৰে...

author-image
Asomiya Pratidin
New Update
XDHjf

ডিজিটেল সংবাদ, বেকাজান : ক'হিমাৰ নগা ঐতিহ্য গাঁও কিচামত দহদিনীয়াকৈ অনুষ্ঠিত হোৱা ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ মংগলবাৰে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সফল সামৰণি পৰে। দহদিনীয়া জীপাল সাংস্কৃতিক আৰু সংগীতৰ আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ অন্তত সন্ধিয়া নগা ঐতিহ্য গাঁও কিছামাত সামৰণি অনুষ্ঠানত সভাত ভাষণ প্ৰদান কৰে নাগালেণ্ডৰ মন্ত্ৰী টেমজন ইমনা আলঙে।

Advertisment

মন্ত্ৰীগৰাকীয়ে কয় যে এই উৎসৱে নাগালেণ্ড আৰু ইয়াৰ বাহিৰৰ জনসাধাৰণৰ ঐক্য আৰু উদ্যমৰ প্ৰতিধ্বনিত কৰে।  ৰাজ্যৰ সকলো জনগোষ্ঠীকে ঐক্যবদ্ধভাৱে সমৃদ্ধিশালী জীৱন যাপন কৰিবলৈ দিয়াৰ বাবে তেওঁ  ধন্যবাদ জ্ঞাপন কৰে।  

horn

আনহাতে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে হৰ্ণবিল উৎসৱ সাংস্কৃতিক, জনজাতীয়, আৰু উৎসৱমুখৰ উদযাপনৰ বাহিৰেও নেটৱৰ্কিং, বৃদ্ধি আৰু সমৃদ্ধিৰ এক মঞ্চলৈ বিকশিত হৈছে।  তেওঁ লগতে উৎসৱৰ বিশ্বমুখী কৰাত দেশ আৰু ৰাজ্যৰ অংশীদাৰ, দৰ্শনাৰ্থী, আৰু অন্যান্য অংশীদাৰক ধন্যবাদ জ্ঞাপন কৰে। 

hygj

বিয়লিৰ অধিবেশনত ভাৰতৰ টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ ৰাষ্ট্ৰদূত বৌছুৱান গেৰৰ লগতে অভিনেতা তথা চলচ্চিত্ৰ প্ৰযোজক জায়েদ সঞ্জয় খান আৰু টাইমছ গ্ৰুপৰ গ্ৰুপ চিইঅ’ ৰোহিত গোপাকুমাৰে অংশগ্ৰহণ কৰে। অন্তিম দিনা হৰ্নবিল মহোৎসৱৰ আকৰ্ষণীয় দিশসমূহ আছিল– লোথা সাংস্কৃতিক দলৰ টোখু শ্বাৰু লোক নৃত্য, জেলিয়াং দলৰ তাটিন টিনবো বীজ সিঁচা নৃত্য,  চাং দলৰ শ্বাংপেলে উৎসৱ নৃত্য।

nag

ইফালে উৎসৱৰ অন্তিম দিনা অসাধাৰণ অভিনয় আৰু অৱদানক সন্মান জনাই বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ স্মৃতিচাৰণ অভিনয়- আও সাংস্কৃতিক দল , শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা সাংস্কৃতিক দল প্ৰথম কন্যাক সাংস্কৃতিক দল আৰু দ্বিতীয় ৰেংমা সাংস্কৃতিক দল। 

শ্ৰেষ্ঠ মৰুং , আও মৰুং, চাং মৰুং। ‌শ্ৰেষ্ঠ ষ্টল টেপক অছিডাক, নৌভা, আৰু আও ফিউজন। ইয়াৰ পিছত সন্ধিয়া বিগ মাউণ্টেন, টেটচেঅ’ চিষ্টাৰছৰ  সাংস্কৃতিক অনুষ্ঠান , আলোবো নাগা আৰু ডিজে অলি এছে সংগীত পৰিবেশন কৰে। 

zxh

উল্লেখযোগ্য যে  বিগত দহটা দিন নগাসকলৰ বিভিন্ন লোককৃষ্টি , লোকক্ৰীড়া , জনগোষ্ঠীয় খাদ্য , হস্তশিল্প কলা আৰু দেশী -বিদেশী সংগীতৰে মুখৰিত হৈ থকা নগা হেৰিটেজ গাঁৱৰ কিছামাৰ বাকৰিত আজি সন্ধিয়া নিজম পৰে। নাগালেণ্ডৰ ওঠৰটাকৈ জনগোষ্ঠীৰ  বৰ্ণিল লোককৃষ্টি - লোকসংগীত প্ৰদৰ্শনেৰে  প্ৰায় ডেৰ লক্ষ দেশী-বিদেশী পৰ্যটকক দৰ্শকক মোহিত কৰি ৰাখে। 

হৰ্ণবিল মহোৎসৱৰ অন্তিম দিনা নাগালেণ্ডৰ জনপ্ৰিয় গায়ক অলবো নাগা টেচটো চিছটা আৰু অলি ইছে  । এইবাৰৰ হৰ্নবিল মহোৎসৱলৈ মুঠ দুই লাখ পৰ্যটকৰ পৰ্যটকক আগমন ঘটে। ইয়াৰে  ২৩৭৫ জন  বিদেশী পৰ্যটককে ধৰি  ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৮,১০৪ গৰাকী পৰ্যটকে হৰ্ণবিল মহোৎসৱ উপভোগ কৰে । 

zdghgj

দৰ্শকসকলক  ৰেংমা সাংস্কৃতিক দলৰ ঙাডা নৃত্য, চাং সাংস্কৃতিক দলৰ নাকন্যু লুম , লোথাছৰ মণ্টছাই, আওসকলৰ হৰ্ণবিল নৃত্য। ফমসকলৰ  ট্ৰুপে বাঁহৰ বন্দুক প্ৰদৰ্শন চেমাসকলৰ আয়ে কুজুলে আৰু আংগামীসকলৰ শিলটনা আৰু  থলুৱা লোকক্ৰীড়া তথা পৰম্পৰাগত জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানে মুগ্ধ কৰে। 

cfhgj

আনহাতে জাপানী ড্ৰাম টাও,  পেৰু নৃত্য ছিকিম, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলসমূহো এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল।  উল্লেখযোগ্য যে ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ২৫ সংখ্যক হৰ্নবিল মহোৎসৱৰ অংশীদাৰ দেশসমূহৰ ৰাষ্ট্ৰদূত– ব্ৰিটেইন, ৱেলছ, পেৰু, আমেৰিকা, জাপান আৰু ৰাজ্যিক অংশীদাৰ তেলেংগানা আৰু ছিকিমৰ পৰ্যটন মন্ত্ৰী উপস্থিতিত থাকে।

nagaland hornbill festival