NEW BONGAIGAON RAILWAY STATION
NEW BONGAIGAON RAILWAY STATION

৫ হাজাৰ টকা দিলেই ইচ্ছামতে বাংলাদেশৰ পৰা প্ৰৱেশ কৰিব পাৰি অসমত !

নিউ বঙাইগাওঁ ষ্টেচনত কৰায়ত্ত হোৱা দুই বাংলাদেশী যুৱকৰ বিস্ফোৰক তথ্য...

ডিজিটেল ডেস্কঃ অবৈধ বাংলাদেশীক অসমত প্ৰৱেশৰ বাবে লাগে মাত্ৰ ৫ হাজাৰ টকা। ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ বাবে এক নিৰ্দিষ্ট চক্ৰক ৫ হাজাৰ টকা দিলেই অনায়াসে প্ৰৱেশ কৰিব পাৰি ভাৰতত।

নিউ বঙাইগাওঁ ৰে'লৱে ষ্টেচনত দুজন বাংলাদেশী চিনাক্ত হোৱাৰ পিছতে এই ভয়ংকৰ তথ্য ফাদিল হৈছে। চিনাক্ত হোৱা দুই বাংলাদেশী যুৱকে প্ৰকাশ কৰা ভাষ্যত আন্তঃৰাাষ্ট্ৰীয় সীমান্ত পাৰ কৰি বাংলাদেশৰ পৰা অসমলৈ বাংলাদেশীক প্ৰৱেশ কৰোৱাৰ চক্ৰটোৰ সবিশেষ প্ৰকাশ পাইছে।

উল্লেখ্য যে নিউ বঙাইগাওঁ ৰে'লৱে ষ্টেচনত সোমবাৰে পুৱাই চিনাক্ত হয় দুজন অবৈধ বাংলাদেশী নাগৰিক। পুৰী-কামাখ্যা এক্সপ্ৰেছৰ পৰা কৰায়ত্ব কৰা এই দুই বাংলাদেশী য়ুৱক সুমন শ্বেখ আৰু আহিজুল শ্বেখ বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ঘৰ বাংলাদেশৰ খুলনা জিলাৰ।

ইফালে পুৱাই দুই বাংলাদেশী যুৱক চিনাক্ত হোৱাত নিউ বঙাইগাওঁ ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। বজৰং দলে কৰায়ত্ত কৰা এই দুই বাংলাদেশীক ৰে'লৱে আৰক্ষীয়ে প্ৰথমে নিজৰ জিম্মত ল'বলৈ অস্বীকাৰ কৰে। ফলত বজৰং দলৰ সদস্যসকলে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে। অৱশ্যে পৰৱৰ্তী সময়ত বজৰং দলৰ এজাহাৰৰ ভিত্তিত ৰেল আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in