/asomiyapratidin/media/media_files/2025/04/25/ihyYKdeiZRExnNVeZvld.jpg)
ডিজিটেল সংবাদ, শিলচৰ : নিষিদ্ধ হেৰ'ইনসহ চুবুৰীয়া ৰাজ্য মিজোৰামত এগৰাকী মহিলা আৰু দুজন ম্যানমাৰৰ নাগৰিকক আটক কৰিছে অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে । ধৃত ম্যানমাৰৰ নাগৰিক দুজন লাল বিয়াক লিয়ান আৰু মালশ্বম জুৱালী বুলি চিনাক্ত কৰা হৈছে ।
তেওঁলোক ম্যানমাৰৰ টাহান জিলাৰ বাসিন্দা। অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে মিজোৰামৰ লু্ংলেই জিলাত যুটীয়া অভিযান চলাই ম্যানমাৰৰ নাগৰিক দুজনৰ পৰা হেৰ'ইনভৰ্তি ৮ টা চাবোনৰ বাকচ জব্দ কৰে।
উল্লেখযোগ্য যে, এই বাকচকেইটাৰ পৰা ৯০.৪৫ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। অসম ৰাইফলছৰ এক সূত্ৰই সদৰী কৰা মতে, জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৬৩ লাখ ৩১ হাজাৰ টকা হ’ব।