/asomiyapratidin/media/media_files/2025/04/29/udIEnLzGMi43iVMrfG9x.jpg)
ডিজিটেল সংবাদ, লামডিং : মঙলবাৰে সন্ধিয়া লামডিং ৰে’ল আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ভাংসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ নামনিমুৱা শিলচৰ-শিয়ালদাহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰে’লৰ পৰা দুটা বেগত ভাং জব্দ কৰে আৰক্ষীয়ে ৷
আটকাধীন সৰবৰাহকাৰী দুজন কৰ্ণমাণি চৰকাৰ আৰু মোহন নমসুদ্ৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে। দুয়োৰে ঘৰ তিনিচুকীয়াত৷
উল্লেখযোগ্য যে, জব্দকৃত ভাংখিনি শিলচৰ পৰা তিনিচুকীয়ালৈকে সৰবৰাহ কৰাৰ সময়তে লামডিঙত আটক হয় ৷ যুৱকদ্বয়ৰ পৰা প্ৰায় ২৫ কেজি ভাং জব্দ কৰাৰ বিপৰীতে জব্দকৃত ভাংখিনিৰ বজাৰ মূল্য প্ৰায় ২ লক্ষধিক টকা হ'ব বুলি ৰে’ল আৰক্ষীয়ে জানিব দিয়ে ৷