মঙলদৈত দুটিকৈ কন্যা শিশুৰ সলিল সমাধি...

দুই শিশুক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে শোকৰ ছা পৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মঙলদৈঃ   মঙলদৈৰ ৰামহৰিত বুধবাৰে দুপৰীয়া দুগৰাকী শিশু কন্যাৰ সলিল সমাধি ঘটে। মাতৃৰ লগত গা ধুবলৈ গৈ একেলগে পুখুৰীত পৰি মৃত্যু হয় ১০ বছৰীয়া ধৰিত্ৰী ডেকাৰ নামৰ শিশুটিৰ লগতে ভাগিনীয়েক টিয়াঝাৰৰ ৮ বছৰীয়া দৃষ্টি হাজৰিকাৰ।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, শিশু দুটিৰ মাক আৰু মামীয়েক পথাৰৰ পৰা ভূই ৰুই আহি ওচৰতে থকা পুখুৰীত গা ধুবলৈ যাওঁতে কন্যা শিশু দুগৰাকীয়ে মাকক কাপোৰ দিবলৈ গৈ গা ধুবলৈ পুখুৰীত নামে আৰু সেই সময়তে এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

দুই শিশুক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে শোকৰ ছা পৰিছে।

উল্লেখযোগ্য যে, মৃত শিশু দুগৰাকীৰ টিয়াঝাৰৰ ৮ বছৰীয়া দৃষ্টি হাজৰিকা গৰমৰ বন্ধৰ বাবে ৰামহৰিৰ মামাকৰ ঘৰলৈ আহিছিল।

মঙলদৈ