জামুগুৰিহাটত আৰক্ষীক প্ৰহাৰ কৰা দুই যুৱতীক গ্ৰেপ্তাৰ : নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ

জামুগুৰিহাটৰ চকীঘাটত নিচাসক্ত দুই যুৱতীয়ে দেওবাৰে সন্ধিয়া তাণ্ডৱ চলাই তিনিগৰাকী আৰক্ষীক গুৰতৰভাৱে আহত কৰিছিল। এই ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি সোমবাৰে জামুগুৰি আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰে

author-image
Asomiya Pratidin
New Update
sdjtg

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ চকীঘাটত নিচাসক্ত দুই যুৱতীয়ে দেওবাৰে সন্ধিয়া তাণ্ডৱ চলাই তিনিগৰাকী আৰক্ষীক গুৰতৰভাৱে আহত কৰিছিল। এই ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি সোমবাৰে জামুগুৰি আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷ 

Advertisment

উল্লেখ্য যে দেওবাৰে সন্ধিয়া তেজপুৰৰ পৰা এখন স্কুটীৰে অহা দুই যুৱতী পৰিস্মিতা তামুলি (২০) আৰু শিৱানী দাস(২৩)য়ে নিচাসক্ত অৱস্থাৰে জামুগুৰিহাটৰ চকীঘাট দলঙৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এক বিশেষ সম্প্ৰদায়ৰ ড্ৰাগচ সৰবৰাহকাৰী যুৱকৰ লগ হৈ দৰদাম কৰি কাজিয়াত লিপ্ত হৈ এক উত্তপ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ দুই যুৱতীৰ উদ্ভণ্ডালি দেখি তাত বনভোজ খাবলৈ অহা একাংশ লোকে জামুগুৰি আৰক্ষীক খবৰ দিয়ে ৷ 

পিছত আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ সোধা-পোচা কৰাত যুৱতী দুগৰাকীয়ে ওলোতাই আৰক্ষীকহে আক্ৰমণ কৰে৷ অভিযোগ অনুসৰি শিল-ইটাৰে আৰক্ষীৰ দলটোক আক্ৰমণ কৰাৰ উপৰিও এগৰাকী মহিলা আৰক্ষীক দাঁতেৰ কামুৰি হাতৰ মাংস এৰুৱাই দিয়ে ৷

এই আক্ৰমণত তিনিগৰাকী আৰক্ষী ক্ৰমে এ এচ আই মেঘনাথ কুটুম, গৃহৰক্ষী জোৱান চফিকুল ইছলাম আৰু মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰি গুৰুতৰভাৱে আহত হয় ৷ আৰক্ষীৰ দলটোৱে দুয়োগৰাকী যুৱতীক কৌশলেৰে আটক কৰি জামুগুৰি থানালৈ আনে আৰু আহত তিনি আৰক্ষীক উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে ৷

চিকিৎসকে তিনিওকে চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰে যদিও মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰিৰ অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানেও তেওঁ চিকিৎসাধীন অৱস্থাত আছে ৷ 

ইফালে জামুগুৰি আৰক্ষী থানাৰ ভিতৰতো দুই যুৱতীয়ে মহিলা আৰক্ষীৰ সৈতে হতাহতি কৰি হেণ্ডকাপ লগাবলৈ বিচৰা আন দুগৰাকী মহিলা আৰক্ষীকো আক্ৰমণ কৰে ৷ ইয়াৰ উপৰিও ফটো সংগ্ৰহত ব্যস্ত থকা সাংবাদিকো দুই উদণ্ড যুৱতীয়ে অশালীন মন্তব্যৰে গালি শপনি পাৰি ফটো তোলা মোবাইল ফোন কাঢ়িবলৈ উদ্যত হয়।

থানাৰ ভিতৰত মহিলা আৰু পুৰুষ আৰক্ষীকো আক্ৰমণ কৰা যুৱতী দুগৰাকী ড্ৰাগছ আসক্ত বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে৷ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ড্ৰাগছ আসক্ত যুৱতী শিৱানী দাস তেজপুৰ লালমাটি নিৱাসী। একেদৰে পৰিশ্মিতা তামুলীৰ নাৰায়ণপুৰৰ খলিহামাৰীত। 

ড্ৰাগছ সৰবৰাহকাৰী আৰু আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা দুই যুৱতীৰ স্বাস্থ্যৰ পৰীক্ষাৰ অন্তত আজি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ উপস্থিতিত দুয়োৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 132/117(2)/118(2)/109/355/3(5) ধাৰৰ অধীনত 173/2024 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷

jamugurihat Assam police