/asomiyapratidin/media/media_files/2025/01/25/OqQOeqtWCelOz28IuWYD.jpg)
ধুবুৰীৰ দুই খেতিয়কক ৰিপাব্লিক পেৰেডলৈ আমন্ত্ৰণ
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ শালকোচাৰ ভেলুপাৰা দ্বিতীয় খণ্ড গাঁৱৰ নীৰেশ চন্দ্ৰ বৰ্মন আৰু শালকোচাৰ শ্ৰীগ্ৰামৰ আমজামুল আমিন নামৰ দুজন খেতিয়কে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লাভ কৰিছে বিশেষ আমন্ত্ৰণ। দুয়োগৰাকী খেতিয়কক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা ৰিপাব্লিক পেৰেডত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনাইছে।
সফল খেতিয়ক হিচাপে অঞ্চলটোত পৰিচিত নীৰেশ চন্দ্ৰ বৰ্মন আৰু আমজামুল আমিনক এইক্ষেত্ৰত গাঁওবাসীয়ে অভিনন্দন জনাইছে। ইপিনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শালকোচাৰ ভিতৰুৱা ভেলুপাৰা দ্বিতীয় খণ্ড গাঁও আৰু শ্ৰীগ্ৰামৰ খেতিয়ক দুগৰাকীক উক্ত কাৰ্যসূচীত অতিথি হিচাপে আমন্ত্ৰণ জনোৱাত খেতিয়ক নীৰেশ চন্দ্ৰ বৰ্মনে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে খেতিয়কদ্বয় শালকোচা সমবায় সমিতি লিমিটেডৰ দুটা বিশেষ দায়িত্ব বহন কৰি আছে। আমজামূল সভাপতি হোৱাৰ উপৰি নীৰেশ চন্দ্ৰ বৰ্মন শালকোচা সমবায় সমিতি লিমিটেডৰ সম্পাদকৰ দায়িত্ব বহন কৰি আছে। এই সমবায় সমিতিৰ জৰিয়তে উক্ত গাঁৱত সকলো খেতিয়কক লগত লৈ খেতি কাম কৰি অঞ্চলটোৰ কৃষি খণ্ডত উল্লেখনীয় অৱদান আগৱঢ়াইছে দুয়োগৰাকী খেতিয়কে।