চিৰাং মণ্ডল বিজেপিৰ ভিতৰচ’ৰাত গৃহকন্দল

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ১৩ নং চিৰাং মণ্ডল বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে গৃহকন্দল ! আসন্ন বিটিচিৰ নিৰ্বাচনত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিত দলীয় প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি সম্প্ৰতি চিৰাং মণ্ডল বিজেপিত দুটা ফৈদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 

author-image
Asomiya Pratidin
New Update
গৃহকন্দল

ডিজিটেল সংবাদ, চিৰাং : বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ১৩ নং চিৰাং মণ্ডল বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে গৃহকন্দল ! আসন্ন বিটিচিৰ নিৰ্বাচনত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিত দলীয় প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি সম্প্ৰতি চিৰাং মণ্ডল বিজেপিত দুটা ফৈদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 

Advertisment

বাসুগাঁও চহৰৰ ষ্টেচন ৰোডত পূৰ্বৰে পৰা এটা চিৰাং মণ্ডল বিজেপিৰ কাৰ্য্যালয় আছিল যদিও মণ্ডল বিজেপিৰ নতুন সমিতি গঠন কৰাৰ পিছত বাসুগাঁও চহৰৰ গৌড়ীয় মঠ চৌহদত নতুনকৈ চিৰাং মণ্ডল বিজেপিৰ কাৰ্য্যালয় স্থাপন কৰি দলীয় কামকাজ আৰম্ভ কৰে । কিন্তু মণ্ডল বিজেপিৰ এটা ফৈদে পুৰণি কাৰ্য্যালয়তে থাকি সামান্তৰালভাৱে দলীয় কামকাজ অব্যাহত ৰাখে। 

চিৰাং মণ্ডল বিজেপিৰ ভিতৰচ’ৰাত চলি থকা এই অচলাৱস্থা দূৰ কৰিবলৈ মঙলবাৰে নিশা চিৰাং মণ্ডল বিজেপিৰ নতুন কাৰ্য্যালয়ত এখন বিশেষ বৈঠক আহ্বান কৰা হৈছিল। উক্ত বৈঠকত উপস্থিত আছিল চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, জিলা প্ৰভাৰী সুখেন ৰায়, মণ্ডল বিজেপিৰ সভাপতিৰ সভাপতি-সম্পাদকসহ দলৰ অন্যান্য নেতা- কৰ্মীসকল । 

মঙলবাৰে সন্ধিয়া বৈঠক চলি থকা সময়তে মণ্ডল বিজেপিৰ দুটা ফৈদৰ দলীয় নেতা- কৰ্মীসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰু অশ্ৰাব্য ভাষাৰে গালি-গালাজ আৰম্ভ হয়। তাৰ মাজতে বাসুগাঁও পৌৰসভাৰ ৱাৰ্ড সদস্য তথা বিজেপি নেতা সঞ্জয় চন্দৰ বিৰুদ্ধে মহিলা সদস্যাক শাৰীৰিকভাৱে আক্ৰমণ কৰি শৰীৰৰ পৰা কাপোৰ খুলি দি শ্লীলতাহানি কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 

বিজেপি কাৰ্য্যালয়ৰ বন্ধ কোঠালিত চলি থকা কাজিয়া এটা সময়ত দৰ্জা খুলি বাহিৰত উলিয়াই আহি উচ্চস্বৰত গালি-গালাজ আৰম্ভ কৰে । বিজেপিৰ মণ্ডল কাৰ্য্যালয়ৰ এই কাজিয়া দেখি পথৰ ওপৰত কেইবা শতাধিক লোক জমা হৈ পৰে। 

সেই সময়ত গৌড়ীয় মঠৰ ভিতৰত নিয়মীয়া সন্ধিয়া কীৰ্ত্তন চলি আছিল । কোনো ধৰণৰ কাৰণ নোহোৱাকৈ বাসুগাঁও পৌৰসভাৰ ৱাৰ্ড সদস্য তথা বিজেপি নেতা সঞ্জয় চন্দই গৌড়ীয় মঠত প্ৰৱেশ কৰি সন্ধিয়া কীৰ্ত্তন চলি থকা মাইকৰ ভলিউম কমাই দি প্ৰায় বন্ধ কৰি দিয়ে । 

ইয়াকে লৈ গৌড়ীয় মঠৰ সাধু সন্ত আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজে বিজেপিৰ নেতাজনৰ এই কাৰ্য্যক নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে আগলৈ ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত গৈ এনেধৰণৰ কাৰ্য্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে। তাৰ পিছত উপস্থিত জিলা সভাপতিৰ লগতে অন্যান্য নেতা সকলে বিজেপিৰ দুটা ফৈদৰ নেতা কৰ্মীসকলক বুজনি তাৰ পৰা গুচি যায় । 

কিন্তু জিলা বিজেপি সভাপতিৰ এই প্ৰচেষ্টাক গুৰুত্ব প্ৰদান নকৰি আজি একাংশ ক্ষুদ্ধ মহিলাই কালি নিশা মণ্ডল বিজেপিৰ কাৰ্য্যালয়ৰ ভিতৰত সংঘটিত হৈ যোৱা ঘটনাক লৈ আজি বিয়লি চাৰি বজাত বাসুগাঁও প্ৰেছ ক্লাৱত এখনি সংবাদ মেলৰ আহ্বান কৰে। মহিলাসকলৰ এই সংবাদমেলৰ কথা জানিব পাৰি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় বাসুগাঁও চহৰত উপস্থিত হৈ ক্ষোভিত মহিলাসকলৰ সৈতে বৈঠকত মিলিত হয়। আৰু ২৪ ঘন্টাৰ ভিতৰত মহিলাসকলৰ সৈতে হোৱা ঘটনাৰ উচিত বিহীত ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰতি প্ৰদান কৰি সংবাদ মেল বাতিল কৰিবলৈ অনুৰোধ জনাই বুলি জানিব পৰা গৈছে ।

bjp