Advertisment

উদ্ভণ্ডালি কৰি ৰঙাঘৰৰ আলহী হ'ল দুই নিচাসক্ত যুৱতী...

নিচাসক্ত দুই যুৱতীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰি । আহত কনিষ্টবল গৰাকীক চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
g

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটত নিচাত মগ্ন দুই অচিনাক্ত যুৱতীৰ উদ্ভণ্ডালি। চকীঘাটৰ চাৰিলেনযুক্ত পথত উদ্ভণ্ডালি কৰি থকা অৱস্থাত জামুগুৰি আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰিছিল যুৱতী দুগৰাকীক ৷ থানাৰ ভিতৰতো মহিলা আৰক্ষীৰ সৈতে হতাহতিক লিপ্ত হয় যুৱতী দুগৰাকী।

Advertisment

নিচাসক্ত দুই যুৱতীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰি । আহত কনিষ্টবল গৰাকীক চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। থানাৰ ভিতৰত পুৰুষ আৰক্ষীকো চোচা লয় অভিযুক্ত যুৱতীদ্বয়ে।

দুই অভিযুক্তৰ প্ৰহাৰত আহত হয় এএচআই মেঘনাথ কুটুম আৰু গৃহৰক্ষী জোৱান চফিকুল ইছলাম ৷ জামুগুৰি আৰক্ষীয়ে দুই উদণ্ড যুৱতীক আটক কৰি থানাত তদন্ত আৰম্ভ কৰিছে।

নিচাসক্ত