চৰকাৰী চাকৰিৰ নামত ধন লৈ গ্ৰেপ্তাৰ দুই দিব্যাংগ নেতা...

আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিব্যাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক কৰে । দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনক দেওবাৰে নিশা গুৱাহাটীৰ বৰাগাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে ।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল ডেস্কঃ ৰাজ্যত চৰকাৰী চাকৰিৰ নামত এটা চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহা । বিভিন্ন সময়ত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে এই ধৰণৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বহু প্ৰৱঞ্চকক । ইয়াৰ সমান্তৰালভাৱে পুনৰ আৰক্ষীয়ে চাকৰিৰ নামত ধন লোৱা দুই নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 

অসম চৰকাৰৰ প্ৰত্যক্ষ নিয়োগ (ADRE)ৰ অধীনত চাকৰি প্ৰদান কৰাৰ এক বেহা মেলিছে অপৰাধী চক্ৰই । এনে বজাৰত দুই লাখ টকাৰ পৰা চাৰি লাখ টকা পর্যন্ত উঠিছে একোটা পদৰ দৰ-দাম। 

উল্লেখযোগ্য যে দিব্যাংগ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত নিযুক্তি দিয়াৰ নামত দিব্যাংগ মঞ্চ, অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰি প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বুলি উঠিছে ভয়ংকৰ অভিযোগ। ইতিমধ্যে চাকৰিৰ নামত ধন সংগ্ৰহ, দৰ-দামৰ কেইবাটাও ফোন কল ভাইৰেল হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এনে ভয়ংকৰ অভিযোগ উত্থাপন কৰে দিব্যাংগ সমাজৰ হৈ কেইবাগৰাকীও দিব্যাংগ প্রার্থীয়ে। 

সামাজিক মাধ্যমত এনে ফোন কলৰ অডিঅ'  ভাইৰেল হোৱাৰ পিছত দিব্যাংগ মঞ্চ, অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰো দাখিল কৰিছে দিব্যাংগ সমাজে। 

ক্ষুব্ধ দিব্যাংগ প্রার্থীসকলে অভিযোগ কৰা মতে দিব্যাংগ মঞ্চ, অসমৰ তথাকথিত নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে দিব্যাংগৰ নামত সংগঠন কৰি চাকৰিৰ বজাৰ পাতিছে। নলবাৰী, ধুবুৰী, কোকৰাঝাৰ আদি স্থানৰ পৰা দিব্যাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ আশা দি লাখ লাখ টকা সংগ্ৰহ কৰিছে এই দুই দিব্যাংগ সংগঠনৰ নেতাই। সামাজিক মাধ্যমত ভাইৰেল হোৱা ফোন কল শুনিলে গম পোৱা যায় কেনেকৈ দিব্যাংগ প্রার্থীক চাকৰি দিয়াৰ আশ্বাস দি দালালৰূপী নেতাই একোটা পদৰ বিপৰীতে বিচাৰিছিল চাৰে চাৰি লাখ টকালৈকে ধন। 

এনে ফোন কলত দালালৰূপী নেতাই চাকৰি প্ৰাৰ্থীক আনকি চাকৰি নিশ্চিতভাৱে হ'ব বুলি দলিলত চুক্তি কৰি দিয়াৰো কথা কৈছিল। এনে চুক্তিৰ সময়তে চাৰে চাৰি লাখ টকা প্রার্থীয়ে সম্পূর্ণকে আদায় দিব লাগিব বুলিও কৈছিল। সংশ্লিষ্ট মহলত হেঁচা প্রয়োগ কৰি চাকৰিপ্ৰাপ্তি নিশ্চিত কৰাৰো আশ্বাস দিছিল দালালৰূপী নেতাই। 

উল্লেখনীয় যে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিব্যাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক কৰে । দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনক দেওবাৰে নিশা গুৱাহাটীৰ বৰাগাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে ।

প্ৰৱঞ্চনা চৰকাৰী চাকৰি