হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছৰ দুদিনীয়া কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছৰ  দুদিনীয়া কৰ্মশালা...

hatsingimari college

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ৰাষ্ট্রীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ হাটশিঙিমাৰী মহাবিদ্যালয় গোটত নতুনকৈ নিযুক্তি পোৱা স্বেচ্ছাসেৱকসকলক লৈ আজি হাটশিঙিমাৰী মহাবিদ্যালয়ত দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে।উল্লেখযোগ্য যে, এন এছ এছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যনিৰ্বাহক বিষয়া ড০ মহাম্মদ আব্দুল কৰিম শেষৰ নেতৃত্বত আজিৰে পৰা দুদিনীয়া দিনজোৰা কাৰ্যসূচীৰে হাটশিঙিমাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত কৰ্মশালাৰ আয়োজন কৰা হৈছে।

আজি প্ৰথম দিনাৰ কাৰ্যসূচীত জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা, মহাবিদ্যালয়ৰ অধ্যক্ষ জহিৰুল ইছলাম, মানকাচৰ মহাবিদ্যালয়ৰ এন এছ এছৰ গৱেষক বিষয়া তপন কাকতি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নতুনকৈ নিযুক্তি পোৱা এন এছ এছৰ স্বেচ্ছাসেৱকসকলক এন এছ এছ সম্পৰ্কে ধাৰণা দিয়ে।

একেদৰে জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম ছাত্ৰ-ছাত্ৰীসকলক বাল্য বিবাহৰ প্ৰতি গুৰুত্ব দি বাল্য বিবাহৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনায়। আজিৰ এই কাৰ্যসূচীত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰবক্তা সকল উপস্থিত থাকে।

hatsingimari college