/asomiyapratidin/media/media_files/2025/07/03/299-2025-07-03-16-14-51.jpg)
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ "কনচেপ্ট প্ৰকাশন"আৰু "স্বৰলিপি প্ৰকাশন"ৰ উদ্যোগত দুদিনীয়া গ্ৰীষ্মকালীন গ্ৰন্থমেলা ৩০জুন আৰু ১জুলাইত অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ অধ্যক্ষ দিব্য কমল মজিন্দাৰে গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
সঞ্চালকদ্বয় জিতু কুমাৰ বৰা আৰু প্ৰণৱ কুমাৰ ভূঞাই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি গ্ৰীষ্মকালীন গ্ৰন্থমেলাৰ লক্ষ্য উদ্দেশ্য আৰু প্ৰাপ্তিৰ বিষয়ে বিশেষভাবে উল্লেখ কৰি শিক্ষাৰ্থী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। নিৰ্দেশনা পৰামৰ্শদাতা নবাব মুস্তাফা আহমেদে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ অধ্যক্ষ দিব্য কমল মজিন্দাৰ,অধ্যক্ষ ইন্দ্ৰনীল ভূঞা,শৈক্ষিক পৰামৰ্শদাতা তথা প্ৰশাসক বিপিন চন্দ্ৰ শইকীয়াই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।
উদ্বোধনী অনুষ্ঠানত কনচেপ্টৰ কেৰিয়াৰ বিশেষজ্ঞ তথা কোচিং ইন-চার্জ আব্দুল হামিদ, প্ৰধান শিক্ষয়িত্ৰী অনুৰূপা ভৰদ্বাজ, অভিভাৱক-শিক্ষক সংস্থাৰ সচিব সংগীতা হাজৰিকা, কলা শাখাৰ শিক্ষক তত্বাৱধায়ক দীপাংকৰ বৰা, বিজ্ঞান/বাণিজ্য শাখাৰ শিক্ষক তত্বাৱধায়ক মাধুৰ্য বৰা, কলা শাখাৰ শৈক্ষিক সমন্বয়ক মানসী মহন্ত, বিজ্ঞান / বাণিজ্য শাখাৰ শৈক্ষিক সমন্বয়ক সাগৰিকা তালুকদাৰ, সহ কোচিং ইন-চার্জ প্ৰমোদ গগৈ, শৈক্ষিক সমন্বয়ক ৰুণীমা বৰা শইকীয়া, বিশেষ শৈক্ষিক সমন্বয়ক ৰীতেন সিংহ, শৈক্ষিক সমন্বয়ক ক্ৰমে অপৰাজিতা গগৈ কছাৰী, জীৱন চন্দ্ৰ বৰা, আৰাধানা দাসকে প্ৰমুখ্য কৰি কনচেপ্টৰ শিক্ষক/শিক্ষয়িত্ৰী, কৰ্মচাৰী, শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।