Advertisment

অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ....

শনিবাৰে অসম চৰকাৰৰ কৃষি বিভাগ, নাবাৰ্ড আৰু 'ভিলেজনামা'ৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত "Developing Summer Green Vegetable Corridor for Assam and North-East" শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ শনিবাৰে অসম চৰকাৰৰ কৃষি বিভাগ, নাবাৰ্ড আৰু 'ভিলেজনামা'ৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত "Developing Summer Green Vegetable Corridor for Assam and North-East" শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন কৰা হয়।

Advertisment

গ্ৰীষ্মকালীন বতৰত বৰষুণ, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেউজীয়া শাক-পাচলিৰ উৎপাদন বৃদ্ধি আৰু সহজলভ্যতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আয়োজিত এই সন্মিলনখনত কৃষক ৰাইজৰ সুৰক্ষা, আধুনিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰ আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰত গঢ়ি তুলিবলগীয়া দক্ষতাৰ সন্দৰ্ভত গুৰুত্ব দিয়া হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই এই উদ্যোগক কৃষি ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে অভিহিত কৰে। তেখেতে ভাষণ প্ৰসংগত  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত গ্ৰহণ কৰা নীতিসমূহ আৰু এইক্ষেত্ৰত পৰিলক্ষিত হোৱা সাফল্যসমূহৰ বিষয়ে বিৱৰণ দিয়ে। 

তেখেতে উল্লেখ কৰে যে, আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সৈতে অসমৰ কৃষিক্ষেত্ৰক সমৃদ্ধিশালী কৰি তোলাৰ বাবে এই সন্মিলনখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেখেতে পুনৰ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ যি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাক সকলোৱে মিলি বাস্তৱ ৰূপ দিবলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ অধিক বিকাশৰ বাবে মনোনিৱেশ কৰা উচিত। তদুপৰি অসমৰ পৰা শেহতীয়াকৈ ৫ লাখ কমলা বাংলাদেশলৈ ৰপ্তানি হোৱাটো ৰাজ্যখনৰ সম্ভাৱনাময় কৃষি খণ্ডৰ বাবে ইতিবাচক দিশ বুলি তেখেতে ব্যক্ত কৰে। 

অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই উল্লেখ কৰে যে অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ যথেষ্ট অৰিহণা আছে আৰু এই ৰাষ্ট্ৰীয় সন্মিলনখনৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হ'ব বুলি তেখেতে সদৰী কৰে।

কৃষি বিভাগৰ আয়ুক্ত-সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ'ৰিয়াই এই সন্মিলনখনক কৃষকসকলৰ বাবে প্ৰযুক্তি আৰু জ্ঞানৰ এক গুৰুত্বপূর্ণ মঞ্চ হিচাপে অভিহিত কৰে। তেখেতে লগতে উল্লেখ কৰে যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিখণ্ডৰ অগ্ৰগতিৰ ক্ষেত্ৰত এই প্ৰচেষ্টা এক উল্লেখযোগ্য পদক্ষেপ ।

সন্মিলনৰ কাৰিকৰী অধিৱেশনত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ সমল ব্যক্তি, কৃষক উৎপাদক সংস্থাৰ উদ্যোগী, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে ৰাজ্যখনৰ কৃষি খণ্ডৰ উত্তৰণৰ সন্দৰ্ভত আলোচনা কৰে।

আজিৰ সন্মিলনত এৰিয়াছ ছ'চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক শ্ৰী বীৰেন্দ্ৰ মিট্টাল, কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰী লোকেন দাস, 'ভিলেজনামা'ৰ বিষয়ববীয়া শ্ৰী আলোক সিনহা আৰু ৰশ্মি সিনহা প্ৰমুখ্যে অন্যান্য বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

অতুল বৰা