/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4aef1007-faf3-4fc8-ab92-37ba83b457e4/ghy_05.jpg)
ধামখুন্দাত দুদিনীয়াকৈ কৃষক মেলা-প্ৰদৰ্শনী
ডিজিটেল সংবাদ গুৱাহাটীঃ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আটমা)ৰ সৌজন্যত গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰৰ ধামখুন্দা আঞ্চলিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়াকৈ এখন কৃষক মেলাৰ আয়োজন কৰা হৈছে। আজি পুৱা অংশগ্ৰহণকাৰীৰ নাম পঞ্জীয়নৰ পাছত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে কামৰূপ জিলা কৃষি বিষয়া তথা প্ৰকল্প সঞ্চালক ধীৰেন্দ্ৰ নাথ কাৰ্জীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/47345766-7e4f-42b2-b050-b854f1a3eb3d/eedd4407_5d4b_4d55_ad32_dacc5f1fbdfe.jpg)
কৃষক মেলাৰ লগতে অনুষ্ঠিত হোৱা কৃষি কৰ্মশালাখনি মুকলি কৰে কামৰূপ জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা আটমা আৰু এপাৰ্টৰ ন’ডেল বিষয়া বিমলাপ্ৰসাদ দেউৰীয়ে। জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া মুকুল বৰ্মনে আঁত ধৰা মুকলি সভাত সমল ব্যক্তিসকলে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন কল্যানকামী তথা অভিলাসী আঁচনি সন্দৰ্ভত কৃষকসকলক সজাগ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/700cbfd2-35f8-4e8f-8f59-8920107bc5f9/4100a04e_fa11_4b12_9a07_07899d518051.jpg)
কৃষি বিভাগে প্ৰদান কৰা আঁচনিসমূহৰ লাভালাভ ল’বলৈ সকলোকে আহ্বান জনায়। এই সভাতে অঞ্চলটোৰ ৬ গৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনোৱা হয়। সভাৰ লগতে প্ৰাকৃতিক খেতি, জৈবিক খেতি, কৃষি যান্ত্ৰিকীকৰণ আদি বিষয়ত কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰদৰ্শনীত ফুলৰ নাৰ্ছাৰী, মাছৰুম, কেঁচুসাৰ, মহিলা আত্মসহায়ক গোটে উৎপাদন কৰা কাপোৰ আদিৰ লগতে থলুৱাভাবে উৎপাদিত শাক-পাচলি, ফল-মূলৰ প্ৰায় ১৫ খন মান বিপনীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7c14e761-c210-4112-a7f6-b3ae9e05f2e5/8cf1f589_7255_4814_a89e_15466880641d.jpg)
মেলাৰ বিভিন্ন কাৰ্যসূচীত সাতগাওঁ, ক্ষেত্ৰী, সোণাপুৰ, ৰাণীৰ স্থানীয় কৃষি উন্নয়ন বিষয়াসকলৰ লগতে আঞ্চলিক পঞ্চায়তৰ সভাপতি-সদস্যসকলো উপস্থিত থাকে। কাইলৈ অৰ্থাৎ ৬ নবেম্বৰত অনুষ্ঠিত হ’ব নতুন কৃষি প্ৰযুক্তি আৰু কৃষি যান্ত্ৰিকীকৰণ বিষয়ক আন এখনি কৃষি কৰ্মশালা।