/asomiyapratidin/media/media_files/2025/06/28/256-2025-06-28-16-59-35.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ছালাকাটি বেনীবাৰী গাঁৱৰ আদুৰী বালা ৰায়ৰ গোহালিৰ পৰা চাৰিটা গৰু শনিবাৰে পুৱতি নিশা প্ৰায় ৪-০০ বজাত চোৰে গাড়ীত উঠাই লৈ যোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। গৃহস্থই ঘটনাটো গম পোৱাৰ পিছতে সমগ্ৰ গাঁৱতে হুলস্থুল লাগে আৰু স্থানীয় ৰাইজে লগে লগে ছালাকাটি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱা মাত্ৰকে চোৰক খেদি খেদি কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বৰ্ষণগাঁৱৰ পৰা আটক কৰে গৰুচোৰ কেইটাক । আৰক্ষীয়ে চাৰিটা গৰুসহ দুজনক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে এখন নম্বৰবিহীন টাটা ডিআই পিক আপ ভেন, প্লাষ্টিকৰ ৰছী , চোকা অস্ত্ৰ, ৩৫ ডাল ৰবৰৰ ৰছী আৰু কেবাটাও মোবাইল ফোন আদি জব্দ কৰে।
গৰুচোৰ দুটাক ধুবুৰী জিলাৰ বিলাসীপাৰা কাঠালদিৰ আজাহাৰ আলিৰ পুত্ৰ খাইৰুল হক আৰু একেখন গাঁৱৰে জামাল আলীৰ পুত্র শুকুৰ আলি বুলি ছালাকাটি আৰক্ষীয়ে সদৰী কৰিছে। আটকাধীন চোৰ দুটাক আৰক্ষীয়ে অধিক তথ্যৰ সন্ধান জেৰা অব্যাহত ৰাখিছে ।
আনহাতে ঘটনাৰ সতে জড়িত আন কেবাজনো চোৰ অল্টো গাড়ীৰে পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু গৰুচোৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলবাসীয়ে আৰক্ষীক আহ্বান জনায় ।