/asomiyapratidin/media/media_files/2025/06/27/fsdfedf-2025-06-27-15-33-39.jpg)
ডিজিটেল সংবাদ, শুৱালকুছিঃ দদৰা আৰক্ষীয়ে অভিযোগৰ ৪৮ ঘন্টাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হ'ল দুটাকৈ গৰু চোৰ। বুধবাৰে নিশা কামৰূপৰ পছৰিয়াত বিলাসী বাহনৰে চুৰি কৰিছিল দুটাকৈ গৰু। গৰু চোৰৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি চি কেমেৰাত ।
তাৰ পিছতেই দদৰা আৰু হাজো আৰক্ষীয়ে এক গোপন অভিযানত মুকলমুৱাৰ গলদিঘলা কুৰুৰ পৰা আটক কৰে গৰুচোৰ দুটাক। লগতে জব্দ কৰে এখন বাহন। ধৃত চোৰ দুটা ক্ৰমে ইমৰান হুছেইন ( পাণ্ডা) আৰু সীমান্ত দাস (লুলো)। দুয়োৰে ঘৰ মুকলমুৱাৰ গলদিঘলা কুৰুত। আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা।