দুটা গোচৰ, ১০টা ধাৰা শংকৰজ্যোতিৰ বিৰুদ্ধে

দুলীয়াজানৰ পে'ট্ৰল পাম্প বেদখল কৰাৰ অভিযোগত দেওবাৰৰ মাজনিশা আৰক্ষীয়ে আটক কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ

author-image
Asomiya Pratidin
New Update
কি কি ধাৰাত ৰুজু হৈছে গোচৰ?

কি কি ধাৰাত ৰুজু হৈছে গোচৰ?

ডিজিটেল ডেস্কঃ দুলীয়াজানৰ পে'ট্ৰল পাম্প বেদখল কৰাৰ অভিযোগত দেওবাৰৰ মাজনিশা আৰক্ষীয়ে আটক কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ। সেই গোচৰ দুটা ক্ৰমে-  ৮৯/২০২৫ আৰু ৯০/২০২৫। ইয়াৰে ৯০ ২০২৫ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে শংকৰক। এই গোচৰটো ৰুজু কৰা হৈছিল দুলীয়াজান থানাত।

Advertisment

তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে মুঠ ১০টা ধাৰা আৰোপ কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬(১)(এ),/ ১৯৬ (১) (বি)  /১৯৭ (১) (চি)/ ১৯৭ (১) (দি)/ ৩ (৫)/ ৩৫২ / ৩৫৩ (১) (চি) / ৩৫৩ (২) , বিএনএছ ২০২৩ ধাৰা আৰোপ কৰিছে শংকৰজ্যোতিৰ বিৰুদ্ধে।

আৰক্ষীয়ে সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালয়ত হাজিৰ কৰে।

শংকৰজ্যোতি বৰুৱা