থেলাচেমিয়া ৰোগত আক্ৰান্ত গহপুৰৰ দুই ভাতৃ

দিব্যজ্যোতি ফুকন আৰু সুৰজিৎ ফুকন নামৰ এই দুয়োগৰাকী ভাতৃক বৰ্তমান প্ৰয়োজন হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আৰু স্বাস্থ্যমন্ত্ৰীৰ কৃপাদৃষ্টিৰ। কাৰণ দিব্যজ্যোতি আৰু সুৰজিতে ভুগিছে থেলাচেমিয়া নামৰ দুৰাৰোগ্য ৰোগত।

author-image
Asomiya Pratidin
New Update
411

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ দুগৰাকী ভাতৃৰ কৰুণ অৱস্থাই সকলো হৃদয়ান লোকৰে অন্তৰ্ৰাত্মা সেমেকাই তুলিব। এই দুগৰাকী ভাতৃৰ জ্যেষ্ঠ জনৰ বয়স ১৫ বছৰ আৰু কনিষ্ঠ জনৰ বয়স মাত্ৰ ৯ বছৰ।

Advertisment

দিব্যজ্যোতি ফুকন আৰু সুৰজিৎ ফুকন নামৰ এই দুয়োগৰাকী ভাতৃক বৰ্তমান প্ৰয়োজন হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আৰু স্বাস্থ্যমন্ত্ৰীৰ কৃপাদৃষ্টিৰ। কাৰণ দিব্যজ্যোতি আৰু সুৰজিতে ভুগিছে থেলাচেমিয়া নামৰ দুৰাৰোগ্য ৰোগত।

গহপুৰ সমজিলাৰ পুৰ্বজ্যোতি কৃষিপাম নিগম জৰাবাৰী ধামৰ নিৱাসী তৰুণ ফুকন আৰু মালতি ফুকনৰ দুই পুত্ৰৰ কনিষ্ঠ সুৰজিতে  চাৰি বছৰ বয়সতে থেলাচেমীয়া ৰোগত আক্ৰান্ত হোৱাৰ পাছত জ্যেষ্ঠ ভাতৃ দিব্যজ্যোতিৰো শৰীৰত ধৰা পৰে থেলাচেমিয়া ৰোগ।

ক্ষুদ্ৰ ব্যৱসায়েৰে নিজৰ পৰিয়ালটো চলাই থকা দুৰ্ভগীয়া পিতৃ-মাতৃয়ে সাধ্য অনুসাৰে দুই পুত্ৰৰ চিকিৎসা ক্ৰমে গহপুৰ, বিশ্বনাথ, লখিমপুৰ, গুৱাহাটীৰ উপৰিও ৰাজস্থানৰ জয়পুৰত কৰাইছিল। কিন্তু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসকে দুৰ্ভগীয়া পিতৃ-মাতৃক দুই পুত্ৰৰ বন মেৰু ট্ৰান্সপ্লান্ট কৰাৰ পৰামৰ্শ প্ৰদান কৰে।

সেই মৰ্মে বৰ্তমান বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এমাহৰ মুৰে মুৰে দুয়ো পুত্ৰক তেজ প্ৰদান কৰি থাকিব লগা পিতৃ-মাতৃয়ে। উল্লেখ্য যে দুই ভাতৃৰ জ্যেষ্ঠ জনে নৱম শ্ৰেণীত আৰু কনিষ্ঠ জনে পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে।

দুই ভাতৃৰ পিতৃ-মাতৃয়ে বহু কষ্টৰে দুই পুত্ৰক তেজ প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও দুয়োজনৰ ব'ন মেৰু ট্ৰান্সপ্লান্ট কৰাৰ ব্যয়বহুল চিকিৎসা কৰিবলৈ অপাৰগ হৈ পৰিছে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰীৰ কৃপাদৃষ্টিৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে।

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক দুই পুত্ৰৰ ব'ন মেৰু ট্ৰান্সপ্লান্ট কৰি নতুন জীৱন প্ৰদান কৰিবৰ বাবে কাৰে অনুৰোধ জনাইছে দিব্যজ্যোতি আৰু সুৰজিতৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে। যদি কোনো স্বেচ্চাসেৱী সংগঠন তথা মানৱদৰদী লোকে থেলাচেমিয়া ৰোগত আক্ৰান্ত এই দুই কিশোৰক যিকোনো সহযোগিতা আগবঢ়াব বিচাৰে, তেন্তে মাতৃ মালতি ফুকনক  88225 69430 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালটোৱে জনায়।

গহপুৰ