ডিজিটেল সংবাদ, নলবাৰী : অসমীয়া সাহিত্যৰ বিভিন্ন বিধৰ দহখন পুথি ৰচনা কৰি সাহিত্যানুৰাগী লোকৰ মাজত ইতিমধ্যে সমাদৃত সাহিত্যিক বিশিষ্ট ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাৰ ৰচিত ‘আমেৰিকান সাহিত্যৰ ইতিহাস’ আৰু ‘আঞ্চলিকতাবাদ, আঞ্চলিক দল আৰু অসম’ নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু সাহিত্য সভাৰ উদ্যোগত এই উপলক্ষে আয়োজিত এখন সভাত ‘আমেৰিকান সাহিত্যৰ ইতিহাস’ নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্য সমালোচক ডঃ দয়ানন্দ পাঠকে।
সাহিত্যিক পবিন্দ্ৰ ডেকাৰ আন এখন গ্ৰন্থ ‘আঞ্চলিকতাবাদ ,আঞ্চলিক দল আৰু অসম" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকাই। অসম সাহিত্য সভাৰ তৰফৰপৰা শতদল শাখা হিচাপে স্বীকৃত টিহু সাহিত্য সভাৰ সভাঘৰত আয়োজিত আৰু টিহু সাহিত্য সভাৰ সভাপতি ভৱেশ চন্দ্ৰ দাসৰ পৌৰোহিত্যত হোৱা সভাখনত মুখ্য অতিথি হিচাপে বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট অতিথি হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতা আৰু নিমন্ত্ৰিত অতিথি হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱাই অংশ লৈ ভাষণ দিয়ে।
সভাখনত গ্ৰন্থ দুখনৰ প্ৰণেতা পবিন্দ্ৰ ডেকাই ভাষণ দি ৰাজনৈতিক জীৱন আৰু সাহিত্য চৰ্চা ক্ষেত্ৰ সদায় সুকীয়া বুলি উল্লেখ কৰে। সভাৰ আঁত ধৰাৰ লগতে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে টিহু সাহিত্য সভাৰ সম্পাদক ডঃ হেমেন ৰাজবংশীয়ে।
শাখা সভাখনৰ উপ সভাপতি ডঃ সুৰজিৎ বৰ্মনে আদৰণি ভাষণ দিয়া সভাখন ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দ গীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষক-সাহিত্যিক সুৰেন্দ্ৰনাথ কলিতাই বন্তি জ্বলায়। অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয়।
সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান চৰণ ডেকা, টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ চন্দ্ৰ শৰ্মা, ভৱকান্ত কলিতা, শংকৰ কুমাৰ দাস, জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা, টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মা, লেখক ত্ৰিকেন কলিতা প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য লোকে ভাগ লয়।