Advertisment

বৰপেটাৰ চেঙাত নিচাযুক্ত দ্ৰব্যসহ দুজনক আটক

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিজ চেঙাত শুকুৰবাৰে ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৰাইজে ৷ ৰাইজে ড্ৰাগছ সৰবৰাহী কেইজনক আটক কৰি তাৰাবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
dhfd

barpeta

ডিজিটেল সংবাদ, চেঙা : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিজ চেঙাত শুকুৰবাৰে ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৰাইজে ৷ ৰাইজে ড্ৰাগছ সৰবৰাহী কেইজনক আটক কৰি তাৰাবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।
Advertisment
উল্লেখযোগ্য যে চেঙা ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ৮ টাকৈ সন্দেহজনক হেৰ'ইনভৰ্তি কণ্টেইনাৰ আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়। তাৰাবাৰী আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী কেইজন হৈছে তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চনেৰতাৰী গাঁৱৰ ৰুবুল আলি( ৩০) আৰু  মাজদিয়া গাঁৱৰ মমতাজ আলি (৩০)। ইয়াৰে মমতাজ আলি ঘৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই ঘটনাৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ।
Assam police