Advertisment

শিলচৰত নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ দুজন....

নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । সমান্তৰালভাৱে গোপন তথ্যৰ ভিত্তিত শনিবাৰে নিশা ঘুংগুৰ বাই পাছত তালাচী চলাই শিলচৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, শিলচৰ: নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । সমান্তৰালভাৱে গোপন তথ্যৰ ভিত্তিত শনিবাৰে নিশা ঘুংগুৰ বাই পাছত তালাচী চলাই শিলচৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।

Advertisment

এখন মাৰুতি জিপছী বাহনৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ‌ কৰে আৰক্ষীয়ে। এম এন ০৬ এলএ-৮৭৪৩ নম্বৰ বাহনখনৰ স্পেয়াৰ টায়াৰৰ পৰা জব্দ কৰা হয় টেবলেট খিনি। পাঁচটা পেকেটতত সৰবৰাহকাৰীয়ে লুকুৱাই আনিছিল টেবলেট খিনি। টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মণিপুৰ চুৰাচান্দপুৰৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন ভানলাল লিয়েন আৰু সোনপাও ফানাই ।

আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই সদৰী কৰা মতে,  জব্দ কৰা টেবলেট খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ১৫ কোটি টকা। নিচা জাতীয় টেবলেট খিনি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা বুলি সন্দেহ কৰা হৈছে। টেবলেট খিনি কাছাৰৰ মাজেৰে বহি:ৰাজ‌্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। টেবলেটৰ সৈতে জিপছী বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে। বৰ্তমান শিলচৰ সদৰ থানাত ধৃত সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

শিলচৰ অবৈধ নিচাযুক্ত টেবলেট