”ধুম” ছবিৰ পৰা অনুপ্ৰাণিত হৈ চুৰি কাৰ্য, অৱশেষত আৰক্ষীৰ জালত…

”ধুম” ছবিৰ পৰা অনুপ্ৰাণিত হৈ চুৰি কাৰ্য, অৱশেষত আৰক্ষীৰ জালত…

author-image
asomiyapratidin
New Update
”ধুম” ছবিৰ পৰা অনুপ্ৰাণিত হৈ চুৰি কাৰ্য, অৱশেষত আৰক্ষীৰ জালত…

ডিজিটেল ডেস্ক: 'ধুম' ছবিৰ পৰা অনুপ্ৰাণিত হৈ চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত দুই যুৱক।এই ঘটনা দিল্লীৰ। ইতিমধ্যে দিল্লী আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যিয়ে ছবিৰ পৰা অনুপ্ৰাণিত হয় চুৰিকাৰ্য সংঘটিত কৰে।

আৰক্ষীয়ে কৰা সোধ পোচত তেওঁলোকে কয় যে বলিউডৰ "ধুম" ছবিখনৰ পৰা তেওঁলোকে প্ৰেৰণা লাভ কৰিছিল।সেইবাবে চুৰি কৰাৰ সময়ত তেওঁলোকে দামী বাইক ব্যৱহাৰ কৰিছিল।

দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে পিষ্টল, চুৰি কৰা বাইক, মোবাইল ফোনকে ধৰি বহু সামগ্ৰী জব্দ কৰে। কেইবাদিনো চুৰি কাৰ্য সংঘটিত কৰাৰ পাছত ১৮ ফেব্ৰুৱাৰীৰ গ্ৰেপ্তাৰ হয় দুয়ো।

দুই অভিযুক্তৰ নাম অৰ্জুন আৰু ভৰত বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰৰ পিছত অৰ্জুনে কয় যে ৮ হাজাৰ টকাত তেওঁ পিষ্টল ক্ৰয় কৰিছিল আৰু তাৰ পিছতেই বহু অপৰাধজনিক কাৰ্য সংঘটিত কৰিছিল।

arrested delhi