/asomiyapratidin/media/media_files/2025/02/07/JLk9TCKI5WVkbj2ovAmf.jpg)
ৰে’লৱেৰ আবাসৰ পৰা উদ্ধাৰ অপহৃত দুই কিশোৰী
ডিজিটেল সংবাদ, মাজবাট : মাজবাটৰ ৰে’লৱেৰ পৰিত্যক্ত আবাসৰ পৰা অপহৃত দুই কিশোৰী উদ্ধাৰ হোৱা ঘটনাকলৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। গোৰেশ্বৰৰ পৰা অপহৃত হোৱা দুই কিশোৰীক উদ্ধাৰ কৰে মাজবাট আৰক্ষীয়ে।
ইয়াৰ উপৰি উক্ত ঘটনাৰে জড়িত তিনি যুৱকক আটক কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে মাজবাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অপহৃত দুই কিশোৰীসহ অপহৰণ কাৰ্যত জড়িত তিনি যুৱকক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে বাক্সা জিলাৰ গোৰেশ্বৰ থানা এলেকাৰ সুৱাগপুৰ গাঁৱৰ পৰা যোৱা ৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া দুই কিশোৰী সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে ৰাতিটো ওচৰে-পাজৰে আৰু সম্পৰ্কীয়ৰ ঘৰত বিচাৰে যদিও পুৱতি নিশালৈ কোনো ধৰণৰ শুং সূত্ৰ নাপায় পুৱা গোৰেশ্বৰ আৰক্ষীক ঘটনাৰ সবিশেষ অৱগত কৰি এখন এজাহাৰ দাখিল কৰে।
ইয়াৰ পাছতে গোৰেশ্বৰ আৰক্ষীয়ে ম'বাইল লোকেচন চাই ততালিকে মাজবাট আৰক্ষীক খবৰ দিয়ে। লগে লগে মাজবাট আৰক্ষী ততপৰ হৈ পৰে আৰু লোকেচন চাই মাজবাট ৰেল ষ্টেচনৰ পৰিত্যক্ত আবাসৰ পৰা উদ্ধাৰ কৰে কিশোৰী দুগৰাকীক।
ষ্টেচনৰ পৰা দুই অপহৃত কিশোৰীসহ তিনি যুৱকক আটক কৰিবলৈ সমৰ্থ হয় যদিও চতুৰ্থজন যুৱক আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়। এই অপহৰণৰ লগত জড়িত দুজন কিশোৰ আৰু মাষ্টাৰ মাইণ্ড মাজবাট থানাৰ হাজুগুৰী গাঁৱৰ বাবু বড়ো (২২) বুলি জানিব পৰা গৈছে। মাজবাট আৰক্ষীয়ে দুই কিশোৰীসহ আটাইকেইজনক গোৰেশ্বৰ আৰক্ষীৰ হাতত চমজাই দিয়ে।