ইলন মাস্কৰ মালিকাধীন টুইটাৰ: বৰ্খাস্ত কৰিলে পৰাগ আগৰৱালক, দিব লাগিব প্ৰায় ৪২ মিলিয়ন ডলাৰ

জনপ্ৰিয় মাইক্ৰব্লগিং প্লেটফৰ্ম এতিয়া টুইটাৰ এতিয়া ইলন মাস্কৰ মালিকাধীন।
Twitter CEO Parag Agrawal Fired
Twitter CEO Parag Agrawal Fired

ডিজিটেল ডেস্ক: জনপ্ৰিয় মাইক্ৰব্লগিং প্লেটফৰ্ম এতিয়া টুইটাৰ এতিয়া ইলন মাস্কৰ মালিকাধীন। টুইটাৰ অধিগ্ৰহণৰ পাছতেই ইলন মাস্কে বিশেষ পদক্ষেপ গ্ৰহণ কৰে।

তেওঁ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া সহ কেইবাগৰাকী শীৰ্ষ বিষষাক বৰ্খাস্ত কৰে।এই বিষয়া সকলৰ ভিতৰত আছে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল, যাক যোৱা বছৰ নৱেম্বৰত কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চে এই পদত নিযুক্তি দিছিল।

ভাৰতীয় বংশোদ্ভূত মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ উপৰিও মাস্কে বিজয়া গাড্ডে আৰু আৰু দুজন শীৰ্ষ বিষয়াক বৰ্খাস্ত কৰে। নিউয়ৰ্ক টাইমছে এক প্ৰতিবেদনত কৈছিল যে মাস্কে বৃহস্পতিবাৰে টুইটাৰ ক্ৰয় কৰিবলৈ ৪৪ বিলিয়ন ডলাৰৰ চুক্তি বদ্ধ কৰিছিল।

জানিব পৰা মতে পৰাগ আগৰৱালে আনুমানিক ৪২ মিলিয়ন ডলাৰ (৩,৪৫৭,১৪৫,৩২৮টকা) লাভ কৰিব। কিয়নো তেওঁক ছ'চিয়েল মিডিয়া কোম্পানীটোত ১২ মাহৰ ভিতৰত তেওঁক বৰ্খাস্ত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in