/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e413e259-3d0c-43e5-89bd-7fbec3671e49/high_court_08.jpg)
Karnataka high court
ডিজিটেল ডেস্কঃ অৱশেষত সকাহ পালে কংগ্ৰেছে। বন্ধ কৰা নহয় কংগ্ৰেছৰ ভাৰজ জোড়ো যাত্ৰাৰ টুইটাৰ একাউণ্ট। বেংগালুৰুৰ এখন আদালতে ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ একাউণ্ট বন্ধৰ বাবে যি নিৰ্দেশ প্ৰদান কৰিছিল সেই নিৰ্দেশনাত স্থগিতাদেশ আৰোপ কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।
মঙ্গলবাৰে এক শুনানি গ্ৰহণ কৰি এই স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ একাউণ্ট বন্ধ কৰিবৰ বাবে বেংগালুৰুৰ এখন আদালতে নিৰ্দেশনা প্ৰদান কৰিছিল।
জনপ্ৰিয় ছবি কেজিএফ-২ ৰ এটা গান অনুমতি অবিহনে ব্যৱহাৰ কৰাৰ বাবেই এম আৰ টিয়ে ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল। আৱেদনখনত কোৱা হৈছিল অনুমতি অবিহনেই কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ ৱেবচাইটত কে জি এফ-২ ৰ গান ব্যৱহাৰ কৰিছে।
সেয়েহে কপিৰাইট আইন ভংগ কৰাৰ বাবে কংগ্ৰেছৰ ভাৰত জোড়ো টুইটাৰ একাউণ্ট বন্ধ কৰিব লাগে। এই আৱেদনৰ ভিত্তিতে বেংগালুৰুৰ এখন অসামৰিক আদালতে কংগ্ৰেছেৰ টুইটাৰ একাউণ্টৰ লগতে ভাৰত জোড়ো যাত্ৰাৰ ৱেবচাইত বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
অসামৰিক আদালতখনৰ এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ত কংগ্ৰেছৰ অধিবক্তা অভিষেক মনু সিংভিয়ে যুক্তি দৰ্শাই কয় যে, মাত্ৰ ৪৫ ছেকেণ্ডৰ এটা ক্লিপৰ পৰা কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ সমগ্ৰ টুইটাৰ হেণ্ডেল আঁতৰ কৰিব নালাগে।
উল্লেখ্য যে এম আৰ টিয়ে কপিৰাইট আইন ভংগ কৰাৰ অভিযোগ তুলি ৰাহুল গান্ধী, জয়ৰাম ৰমেশ আৰু সুপ্ৰিয়া শ্ৰীনেটৰ বিৰুদ্ধে ধাৰা ৪০৩ (সম্পত্তিৰ অসৎ অপব্যৱহাৰ), ৪৬৫ (জালিয়াতিৰ বাবে শাস্তি), ১২০ ধাৰা ৪০৩, ৪৬৫ আৰু ১২০বি আৰ/ডব্লিউ ধাৰা ৩৪ আৰু তথ্য প্ৰযুক্তি আইন, ২০০০ আৰু ধাৰা ৬৬, কপিৰাইট ১৭ ৰ ধাৰা ১৭-ৰ অধীনত গোচৰ ৰুজু কৰিছিল।