কামাখ্যা ধামক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অপ্ৰচাৰ...

'কামাখ্যাত প্ৰতিদিনেই চলে নৰবলি। ৰাজা ৰঘূবংশীৰ হত্যা তথা নিৰুদ্দেশৰ লগতো লিংক থাকিব পাৰে এনে কাৰ্যকলাপৰ। যিহেতু তেওক পিছফালৰ পৰা ছুৰিৰে আঘাত কৰা হৈছে বুলি জানিব পাৰিছো।'

New Update
hjjsss

ডিজিটেল ডেস্কঃ 'কামাখ্যাত প্ৰতিদিনেই চলে নৰবলি। ৰাজা ৰঘূবংশীৰ হত্যা তথা নিৰুদ্দেশৰ লগতো লিংক থাকিব পাৰে এনে কাৰ্যকলাপৰ। যিহেতু তেওক পিছফালৰ পৰা ছুৰিৰে আঘাত কৰা হৈছে বুলি জানিব পাৰিছো।'  কামাখ্যা ধামক লৈ এনেদৰেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিৰ্তকিত মন্তব্য কৰিছিল এগৰাকী এংকৰে।

Advertisment

ৰাজা ৰঘূবংশীৰ ভগ্নীক লাইভ অনুষ্ঠানত বহুৱাই এনেদৰেই অসম, কামাখ্যা আৰু উত্তৰ পূবক লৈ অপলাপ কৰি গল এগৰাকী এংকৰে। এংকৰ গৰাকীয়ে ৰাজা ৰঘূবংশী অসমলৈ আহি কামাখ্যাত নৰবলিৰ স্বীকাৰ হোৱা বুলিও আওপকীয়াকৈ কলে উক্ত অনুষ্ঠানটোত। কামাখ্যাত নিয়মিত নৰবলি হয় বুলি ৰাষ্ট্ৰীয় পৰ্যায়ত মিছা কথা বিয়পোৱা এই অনুষ্ঠানটোৰ ভিডিঅ' ইতিমধ্যে সংবাদ সংস্থাটোৱে সকলো প্লেটফৰ্মৰ পৰা ডিলিট কৰিছে। 

ইফালে এই এংকৰগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সকলোৱে। ঘটনাৰ গভীৰতা দেখি ৰাজা ৰঘূবংশীৰ পৰিয়ালে ইতিমধ্যে সমগ্ৰ ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে। উত্তৰ-পূব, অসম আৰু কামাখ্যাক লৈ তেওলোকে কৰা মন্তব্যৰ বাবে দোষী বুলি ক্ষমা বিচাৰিছে পৰিয়ালটোৱে। 

ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন নোহোৱাৰ বাবে এনে কিছু কথা মনলৈ আহিছিল বুলি সদৰি কৰিছে ৰাজা ৰঘূবংশীৰ পৰিয়ালটোৱে। আনফালে উক্ত সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে কামাখ্যা ধাম কৰ্তৃপক্ষই। 

শ্বিলং