ডিজিটেল সংবাদ,চিৰাং: শনিবাৰে চিৰাঙৰ অন্তৰ্গত বেংতলৰ এজন যুৱকে ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰা এটা ভিডিঅ'ক কেন্দ্ৰ কৰি জিলাখনত বিভিন্ন দল সংগঠনৰ উপৰি সচেতন নাগৰিক মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে তিনিটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ চিকাৰ কৰি তাৰে এটা কাছক নৃশংসভাৱে জীৱন্তে ৰন্ধন গেছৰ জুইৰ ওপৰত দি কেইজনমান মানৱৰূপী দানৱে আনন্দ লৈছে ।
দুৰ্লভ প্ৰজাতিৰ এটা বন্যজীৱক এইদৰে নৃশংসভাবে মৃত্যু মুখলৈ ঠেলি দি মৃত্যু যন্ত্ৰণাত ছটফটাই থকা কাছটোৰ অৱস্থা দেখি পৈশাচিক আনন্দ লাভ কৰা ভিডিঅ'টো সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হোৱাৰ পিছত বনবিভাগৰ পৰা আৰম্ভ বিভিন্ন দল সংগঠনৰ লোক সকলে এই ঘটনাক লৈ সৰৱ হৈ পৰিছে।
ঘটনাটো সংঘটিত কৰা যুৱকজন চিৰাং জিলাৰ বেংতলৰ জনৈক বাদামালে নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। ভিডিঅ'টোত যদিও বড়ো ভাষাত কথা পাতি আছে কিন্তু দৰাচলতে কোন এলেকাৰ এই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই । সামাজিক মাধ্যম ফেচবুকত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত চিৰাং জিলাৰ প্ৰকৃতিপ্ৰেমীৰ দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এই ঘটনাৰ পিছত চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সমগ্ৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ বেংতলৰ যুৱক জনক আটক কৰি বিষয়টো তদন্ত ঘোষণা কৰিছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ হত্যা কৰা বিষয়টো সহজভাৱে গ্ৰহণ নকৰি উপযুক্ত তদন্ত কৰি এই জঘন্য ঘটনাৰ আঁৰত কোন লোক জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে বন্যপ্ৰাণী আইনৰ প্ৰয়োগ কৰি শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে এটা প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ সাধাৰণ সম্পাদক ৰঞ্জিত মুছাহাৰী আৰু আক্ৰাছু নেতা প্ৰাঞ্জল চৌধুৰীয়ে।
মানৱৰূপী দানৱ কেইজন যাতে সাৰি যাব নোৱাৰে তাৰ বাবে বন বিভাগক এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে এই ভিডিঅ'ক কেন্দ্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত যুৱকজনে উক্ত ভিডিঅ'টো নিজৰ ফেচবুক একাউণ্টৰ পৰা আঁতৰাই দি ৰাজহুৱা ভাবে ক্ষমা প্ৰাৰ্থনা কৰা ভিডিঅ' আপলোড কৰে।