Advertisment

মাটিৰ তলেয়েদি ড্ৰাগছ সৰবৰাহ! ভাৰত-ম্যানম্যাৰ সীমান্তত বৃহৎ সুৰংগ...

ভাৰতলৈ বিদেশৰ পৰা ড্ৰাগছ সৰবৰাহ ৰোধৰ বাবে চৰকাৰ তথা আৰক্ষীয়ে যিমানেই কঠোৰ ব্যৱস্থা লৈছে, সিমানেই ন নপদ্ধতিৰ অৱলম্বন কৰিছে দুষ্ট চক্ৰই। শেহতীয়াকৈ ভাৰত-ম্যানমাৰ সীমান্তত

author-image
Asomiya Pratidin
New Update
ৎ

ৎ Photograph: (ৎ)

ডিজিটেল ডেস্কঃ  ভাৰতলৈ বিদেশৰ পৰা ড্ৰাগছ সৰবৰাহ ৰোধৰ বাবে চৰকাৰ তথা আৰক্ষীয়ে যিমানেই কঠোৰ ব্যৱস্থা লৈছে, সিমানেই ন ন পদ্ধতিৰ অৱলম্বন কৰিছে দুষ্ট চক্ৰই। শেহতীয়াকৈ ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ হৈছে এটা বৃহত সুৰংগ। সুৰংগটো ইমানেই ডাঙৰ যে, তাৰ তলেদি অনাসায়ে অহা-যোৱা কৰিব পাৰে ট্ৰাকজাতীয় বাহন। 

Advertisment

উল্লেখ্য যে, এই পথেদিয়ে অসম তথা উত্তৰ পূবলৈ অধিক পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহ সন্দেহ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই। কিয়নো কিছুদিনৰ পূবে অসম আৰু ত্ৰিপুৰাৰ পৰা প্ৰায় ৩২কিলো মেথামফেটামাইন টেবলেট জব্দ কৰিছিল ডি আৰ আই এ। এই টেবলেট খিনিৰ মূল্য আছিল প্ৰায় ৩২কোটি টকা। এই ঘটনাৰ সন্দৰ্ভত ৩গৰাকী লোককো গ্ৰেপ্তাৰ কৰা হৈছিল। 

আনহাতে ১৯জানুৱাৰী, ২০২৫ত কাছাৰ জিলাৰ পৰা প্ৰায় ২৬কিলো মেথামফেটামাইন টেবলেট জব্দ কৰছিল ডি আৰ আই এ। এই টেবলেটখিনিও ভাৰত-ম্যানমাৰ সীমান্তয়েদি হৈ মিজোৰামৰ পৰা অসমলৈ অনা হৈছিল।  এই অভিযানত অসম ৰাইফলছৰ ভূমিকাও আছিল উল্লেখনীয়। এই ড্ৰাগছখিনিৰ মূল্য আছিল প্ৰায় ২৬কোটি। 

ইফালে কেন্দ্ৰীয় চৰকাৰে সদৰি কৰা অনুসৰি, চলিত বিত্তীয় বৰ্ষত  উত্তৰ-পূবত ড্ৰাগছ সৰবৰাহ জাতীয় ৩৬টা গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় সংস্থা ডি আৰ আই এ।  প্ৰায় ৭০গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে, ইয়াৰে ৭গৰাকী মহিলা। 

এনেকৈ উত্তৰ-পূবত বৃদ্ধি পোৱা ড্ৰাগছ সৰবৰাহ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় সংস্থাই এক অভিযান চলাইছিল আৰু এই অভিযানে উদ্ধাৰ হৈছে এই বৃহৎ সুৰংগটো। এই সুৰংগটোৱেদিয়েই অসম তথা উত্তৰ পূবলৈ ম্যানমাৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সৰবৰাহ হৈ আছিল বুলি সদৰি কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই। 

 

 

ভাৰত