/asomiyapratidin/media/media_files/2025/07/09/tuluni-utsav-9-2025-07-09-22-15-24.jpg)
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ অসমৰ কেওফালে এতিয়া খেতি পথাৰত ব্যস্ত কৃষকসকল। এনে সময়তেই চেমা নগাসকলে পৰম্পৰগত তুলুনি উৎসৱ অনুষ্ঠিত কৰি আহিছে। অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোকসকলৰ ৰংঘৰ স্বৰূপ মাৰ্ঘেৰিটাৰ টিৰাপ মৌজাৰ চেমা নগাসকলে প্ৰতিবছৰে কৃষি ভিত্তিক তুলুনি উৎসৱ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে উজনি অসম ভিত্তিত অনুষ্ঠিত কৰে।
সপ্তাহজোৰা বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে আজি সামৰণি অনুষ্ঠান মাৰ্ঘেৰিটা সম জিলাৰ লংটং চেমা নগা গাঁৱত অতি উলহ মালহেৰে উদযাপন কৰা হয় । তুলুনি উৎসৱ উদযাপন সমিতিৰ সম্পাদক কাচেত চেমাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে তুলুনি উৎসৱ উদযাপন সমিতিৰ সভাপতি চিতৈ চেমাই।
এই উৎসৱত মুখ্য অতিথি হিচাপে অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ কথা আছিল যদিওঁ অনিবাৰ্য কাৰন বশতঃ তেখেত উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতৰ হৈ অতিথি হিচাপে উপস্থিত থাকে শদিয়াৰ বিধায়ক বলিন চেতীয়া, লগতে অতিথি হিচাপে উপস্থিত থাকে উত্তৰ পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধক কে মেৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ড০ কানাট চফিসহ টাই আহোম, চিংফৌ, টাইফাকে, টাংচা, মিচিং জনগোষ্ঠীৰ নেতৃত্বৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব।
এই অনুষ্ঠানত চেমা নগা পৰম্পৰাগত বিভিন্ন নৃত্য গীতৰ লগতে টাংচা, চিংফৌ, টাই ফাকে জনজাতিসকলৰ পৰম্পৰাগত নৃত্য গীতৰ পৰিৱেশনেৰে কৰা হয়। ভাষণ প্ৰসংগত বিধায়ক চেতিয়াই কয় যে 'কৃষিপ্ৰধান দেশৰ বাসিন্দা হিচাপে অসমৰ নানান জাতি-জনগোষ্ঠীয়ে এক নিৰ্দিষ্ট সময়ৰ অন্তত বিভিন্ন পৰম্পৰাগত উৎসৱ পাৰ্বন পালন কৰা আমি দেখি আহিছো। তাৰেই ভিতৰত উজনি অসমৰ তুলুনি উৎসৱ অন্যতম।
উজনি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোকসকলৰ ৰংঘৰ স্বৰূপ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ মৌজাৰ সমগ্ৰ চেমা নগাসকলে প্ৰতিবছৰে জুলাই মাহৰ প্ৰথম সপ্তাহটোৰ অন্তত তুলুনী উৎসৱৰ পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি আহিছে। পৰম্পৰাগত ৰীতি-নীতি, ভাতৃত্ববোধৰ লগতে এই উৎসৱৰ মাজেদি চেমা লোকসকলে তেওঁলোকৰ শস্যৰে নদন-বদন হৈ উঠাৰ কামনাৰে নৃত্য-গীত পৰিৱেশন আৰু পৰস্পৰে পৰস্পৰৰ সতে ৰং ধেমালি কৰে।
এই উৎসৱত তেওঁলোকে জনজাতীয় খাদ্য- পানীয় ‘লাওপানী’ৰ পয়োভৰ, গাহৰি মাংসৰ জুতিৰে মতলীয়া হোৱাৰ লগতে উক্ত উৎসৱৰ সময়তে ভাবী জোঁৱায়েকক মাতি আনি এসাঁজ প্ৰীতি ভোজন খুওৱাৰো প্ৰথা চলি আহিছে।' আনহাতে এই উৎসৱত নিমন্ত্ৰিত ভাবী জোঁৱাইৰ ঘৰৰ সতে গৃহস্থই মাংসৰ টোপোলা বিনিময় কৰে।
এই উৎসৱৰ দিনাই কাৰোবাৰ মাজত মনোমালিন্য থাকিলে পৰস্পৰে এই মনোভাব পৰিহাৰ কৰি একেলগে বহি ভোজ খাই মিলা-প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাৰ দৰে প্ৰসংশনীয় প্ৰথাও এই উৎসৱৰ লগত জড়িত। যাৰ দ্বাৰা এই জনগোষ্ঠীৰ লোকসকলৰ মাজত পৰস্পৰ ভাতৃত্বৰ এনাজৰীডাল সুদৃঢ় হৈ উঠে যি আন্তৰিক সম্পৰ্ক ৰক্ষাৰ্থে অতিকৈ প্ৰয়োজনীয়।
মুকলি সভাতেই চেমা নগাসকলৰ কেইবাটাও দাবী সন্মিলিত এখন স্মাৰক পত্ৰ বিধায়ক চেতিয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। উল্লেখ্যে যে নগালেণ্ডত বসবাস কৰা চেম নেগাসকলেও এই উৎসৱ অনুষ্ঠিত কৰি আহিছে।