জনসম্পৰ্ক ৰক্ষা অভিযান সভাত ৰাইজৰ সৈতে মত বিনিময় ড° তুলিৰাম ৰংহাঙৰ

অনুষ্ঠানত ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ সমূহ পূৰণ কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

author-image
Asomiya Pratidin
New Update
dfdf

ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডেনগাঁৱৰ মাটিখোলাত জনসম্পৰ্ক ৰক্ষা অভিযান সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং।

Advertisment

উক্ত অনুষ্ঠানত ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ সমূহ পূৰণ কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে তুলিৰাম ৰংহাঙে। এই সভাত ভাষণ প্ৰদান কৰে হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং আৰু বিধায়ক ৰপছিং টেৰণে।

ইয়াৰ উপৰি প্ৰাক্তন সাংসদ হৰেণছিং বে,' কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণকে ধৰি বহুকেইজন কাৰ্যবাহী সদস্য উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ।

তুলিৰাম ৰংহাং