বঢ়মপুৰৰ গাৰোখুন্দাত তুলিৰাম ৰংহাঙৰ নিৰ্বাচনী প্ৰচাৰ

বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰৰ গাৰোখুন্দাত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰৰ গাৰোখুন্দাত তুলিৰাম ৰংহাঙৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, কামপুৰ : বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰৰ গাৰোখুন্দাত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কাৰ্বি আংলংৰ প্ৰাক্তন সাংসদ হৰেণ চিং বেঁ, ই এম ৰূপচিং টেৰণ, তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ লগতে কেইবাগৰাকী নেতাৰ উপস্থিতিত চাইবুক গাঁৱৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত বিষয়াগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ৰাইজৰ আগত চিনাকি কৰি দিয়ে । 

Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত নেতৃত্ব লোৱাৰ পাছতে কাৰ্বি আংলংত শান্তি ঘূৰি আহিছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । তেওঁ কয় যে, জাতি-জনগোষ্ঠীৰ বিভিন্ন সমস্যা আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হৈছে । 

উগ্ৰপন্থীৰ সমস্যা আলোচনাৰ মাজেৰে শান্তি চুক্তি কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে । ইফালে শেহতীয়াকৈ তুলিৰাম ৰংহাংৰ চৰ্চা লাভ কৰা ঘৰটোৰ বিষয়ে সাংবাদিকে সোধাত তেওঁ সেইটো পুতেকৰ ঘৰ বুলি মন্তব্য কৰে । ঘৰটোত বৰ্তমানলৈকে ডেৰ কোটি টকা খৰচ হৈছে আৰু কাম বৰ্তমানো সম্পূৰ্ণ হৈ উঠা নাই বুলি মন্তব্য কৰে । 

ইফালে জনমানসত তেওঁক হেয় প্ৰতিপন্ন কৰাবৰ বাবে একাংশই এনেদৰে অপপ্ৰচাৰ চলাইছে বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

তুলিৰাম ৰংহাং