/asomiyapratidin/media/media_files/2025/01/30/7fazDgkXMlMlKYs1GnJo.png)
ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ হামৰেণত এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং সহ সঁজাতি দল ৷ মালংঙত আয়োজিত সভাত ড° তুলিৰাম ৰংহাঙৰ উপস্থিতিত কংগ্ৰেছ, এপিএইচএলচি আৰু এএচডিচি দলৰ ১৫০তকৈ অধিক কৰ্মীয়ে নিজ দল ত্যাগ কৰি বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে ৷ এই সভাতে ৰাইজৰ মাজত মাটি পট্টা, কম্বল বিতৰণ কৰে ৰংহাঙে ৷
ইয়াৰোপৰি দলটোৱে হামৰেণ পূৰণা বজাৰৰ সমীপৰে প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক ভৱন, আৰু আমবিনঙত নিৰ্মিত কমন ফেচিলিটি কেন্দ্ৰ এমএচ হামৰেণ নেচুৰেল ফুট প্ৰচিচৰৰ প্ৰাইভেট লিমিটেড উদ্যোগ প্ৰতিষ্ঠানো শুভাৰম্ভ কৰে৷
অনাগত দিনত পশ্চিম কাৰ্বি আংলঙৰ সৰ্বদিশত উন্নয়ন কৰা উদ্দেশ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে বুলি উল্লেখ কৰে তুলিৰাম ৰংহাঙে। হামৰেন লাংহেমপিত শিক্ষা প্ৰতিষ্ঠান জেএনভি স্কুল, কৃষি মহাবিদ্যালয় আদি জনকল্যাণমুখী আঁচনি ৰূপায়ণৰ চেষ্টা চলাইছে চৰকাৰে।
লগতে যোগাযোগ ক্ষেত্ৰত সুচাৰুৰূপে গঢ়ি তুলিবলৈ আমচুং বৈঠালাং, ডংকা খেৰণী আৰু দয়ামুখ হৈ ডিমা হাচাও পথ নিৰ্মাণ চাৰ্ভে কাম চলি আছে বুলি সাংবাদিক জনাই তুলিৰাম ৰংহাঙে ৷ উক্ত অনুষ্ঠানত কাৰ্য্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰৌ, বিধায়ক ৰোপ চিং টেৰন,হেট চিং ৰংফাৰ লগতে অন্যান্য গণ্য মান ব্যক্তি সকল উপস্থিত থাকে।