/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5093d9d8-dc77-41d2-894c-81cb9095620c/TB.jpg)
ডিজিটেল ডেস্কঃ শিলচৰ এন আই টিত যক্ষ্মা ৰোগত আতংক। ইতিমধ্যে দুই সহস্ৰাধিক শিক্ষাৰ্থী থকা উচ্চ প্ৰযুক্তিৰ প্ৰতিষ্ঠানটোত বহু ছাত্ৰ যোৱা প্ৰায় এমাহ ধৰি কাহ-জ্বৰ আদি ৰোগত ভুগি থকাৰ মাজতে কালি ১১জনকৈ শিক্ষাৰ্থী যক্ষ্মাত আক্ৰান্ত বুলি চিনাক্ত কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এন আই টি চৌহদত। কিয়নো যক্ষ্মাক সংক্ৰামক ৰোগ হিচাপেই সকলোৱে গণ্য কৰে আৰু ইয়াৰ কোনো প্ৰতিৰোধক ভেকচিনো দীৰ্ঘদিন ধৰি অসমত উপলদ্ধ নাই।
জানিব পৰা মতে, এন আই টি কৰ্তৃপক্ষই প্ৰথম অৱস্থাত শিক্ষাৰ্থীসকলৰ মাজত আৰম্ভ হোৱা জ্বৰ-কাঁহক ঋতুজনিত ভাইৰেল ৰোগ বুলি অৱহেলা কৰি চলাৰ বাবে বহু শিক্ষাৰ্থী ইতিমধ্যে যক্ষ্মাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। কালিলৈকে ইয়াৰে ১১গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে এন আই টি ছাত্ৰাৱাসতো হুৱা-দুৱাৰ সৃষ্টি হয়। ৰাজ্যৰ লগতে দেশৰো বিভিন্ন প্ৰান্তৰ পৰা গৈ এন আই টিত শিক্ষা গ্ৰহণ কৰি থকা একাংশ ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে শিক্ষানুষ্ঠান ত্যাগ কৰি ৰেল অথবা বিমানযোগে ঘৰলৈ ৰাওনা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, এন আই টিৰ দৰে এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত বৃহৎ সংখ্যক শিক্ষাৰ্থী এনেদৰে ইতিমধ্যে প্ৰায় নোহোৱা হোৱা যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ অভিভাৱকসকলে এইক্ষেত্ৰত চৰকাৰৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে। আন এক অভিযোগ অনুসৰি, বৃহত এলেকা সামৰি থকা এন আই টি শিলচৰৰ হোষ্টেল সমূহৰ পৰিৱেশ অতিকে কদৰ্য আৰু লংঘৰ সমূহত খৰিৰ ব্যৱহাৰ কৰি খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে নিশাৰ ভাগত ধোৱাময় পৰিৱেশৰ সৃষ্টি হয়। তদুপৰি হোষ্টেলৰ সুৰক্ষা ব্যৱস্থাত থকা সুৰুঙাৰ বাবে এচাম লোভী কৰ্মচাৰীৰ জৰিয়তে কম বয়সীয়া একাংশ শিক্ষাৰ্থীৰ মাজত কম মূল্যত পোৱা ভেজাল সুৰাৰ প্ৰচলনেও ইয়াৰ পৰিৱেশ বিনষ্ট কৰিছে। সেয়েহে শিক্ষানুষ্ঠানখনৰ প্ৰশাসনীয় দিশসমূহৰ ক্ষেত্ৰতো চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো সকলোৱে বিচাৰিছে।