/asomiyapratidin/media/media_files/2025/03/10/TFSCJiLrlwNIEVdLkJHj.jpg)
মৰিগাঁৱত যক্ষ্মা ৰোগৰ প্ৰকোপ বৃদ্ধি
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাত যক্ষ্মা ৰোগৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাই আছে। জিলাৰ স্বাস্থ্য বিভাগৰ পৰা পোৱা খবৰ অনুসৰি সমগ্ৰ জিলাখনত প্ৰায় ১৩ শ যক্ষ্মা ৰোগত আক্ৰান্ত লোক আছে।
ইয়াৰে ভিতৰত জাগীৰোড সমষ্টিত আছে প্ৰায় ৪ শ। যক্ষ্মা ৰোগত আক্ৰান্ত লোকসকলৰ মাজত সোমবাৰে পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ সমৰ্থনত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ উদ্যোগত আজি মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগীভকতগাঁও দুৰ্গা মন্দিৰত সমষ্টিটোৰ ১৪০ জন যক্ষ্মা ৰোগীৰ মাজত বিনামূলীয়াকৈ পুষ্টিকৰ খাদ্য বিতৰণ উপলক্ষে এখন সভা আয়োজন কৰা হয়।
সভাখনত উপস্থিত থাকে জাগীৰোড সমজিলাৰ আয়ুক্ত বিমান দাস,জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড০ অৰুণ নাথ,ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ড০ পবন চন্দ্ৰ পাটৰ,মন্ত্ৰীৰ ব্যক্তিগত সহায়ক সমাজ কৰ্মী অপূৰ্ব ডেকা,বিজেপি নেতা মুনিন্দ্ৰ বৰা,বিজেপিৰ ভকতগাও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ,খগেন বৰদলৈকে ধৰি আন কেইবাজনো বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোৰ আঁত ধৰে মৰিগাঁও জিলাৰ যক্ষ্মা বিভাগৰ চিকিৎসা বিষয়া ড০ অমৰজ্যোতি ডেকাই।