নিৰোগীক সজালে ৰোগীঃ ঢকুৱাখনাত যক্ষ্মা ৰোগ বিয়পাইছে যক্ষ্মা দূৰীকৰণ আঁচনিয়ে...

নিৰোগীক সজালে ৰোগীঃ ঢকুৱাখনাত যক্ষ্মা ৰোগ বিয়পাইছে যক্ষ্মা দূৰীকৰণ আঁচনিয়ে...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ অথবা নিৰ্মূলত  নহয় । যক্ষ্মা ৰোগ বৃদ্ধিত প্ৰধান কাৰকৰ ভূমিকা পালিছে স্বাস্থ্য বিভাগে । ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত যক্ষ্মা দূৰীকৰণ গোটৰ তৎপৰতাত সংঘটিত হৈছে এই ভয়ানক কাণ্ড । যাৰ জৰিয়তে সুস্থ নিৰোগী ব্যক্তি কোন কেতিয়া এই ৰোগত আক্ৰান্ত হব লগা হয় তাৰ নিশ্চয়তা নোহোৱা হৈছে ঢকুৱাখনাত ।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত উন্মোচিত হৈছে এই ভয়ংকৰ কাণ্ড। সংগৃহীত তথ্য মতে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা অঞ্চলৰ ধনেশ্বৰ দাস(৭৫) (আই ডি 77358611)ক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বুলি ঢকুৱাখনা যক্ষ্মা দূৰীকৰণ আঁচনিৰ কাৰ্য্যালয়ৰ পৰা দাসলৈ ফোন কৰি জানিবলৈ দিয়ে । ঢকুৱাখনা যক্ষ্মা দূৰীকৰণ আঁচনিৰ দায়িত্বশীল ব্যক্তিয়ে দাসক এই সন্দৰ্ভত অৱগত কৰি বিভাগৰ সতে শীঘ্ৰে যোগাযোগৰ নিৰ্দেশ দিয়ে ।

ঘৰতে সুস্থ ভাবে কোনো এই ৰোগৰ কোনো লক্ষণ নথকা ,শাৰীৰিক জটিলতা নথকা ব্যক্তি দাস অকস্মাত যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পাই স্তম্ভিত হোৱাই নহয় চিন্তিত হৈ পৰে বয়স্ক ব্যক্তি দাস আৰু আত্মীয় । অথচ বিভাগৰ তৰফৰ পৰা নিশ্চিত কৰা এই দুঃসংবাদ লাভ কৰি কি দৰে এই ৰোগ ধৰা পৰিল বুলি জানিবলৈ বিচৰাত কৰ্তৃপক্ষই দাসৰ পৰা সংগ্ৰহ কৰা খেকাৰৰ নমুনাৰ পৰা এই ৰোগ নিৰ্ণয় হোৱা বুলি জনাই ।

এই প্ৰত্যুত্তৰে অধিক চিন্তিত কৰে দাস আৰু পৰিয়ালক ।কাৰণ দাসে কোনো ধৰণৰ খেকাৰ নমুনা কোনো চিকিৎসালয় অথবা স্বাস্থ্য কৰ্মীক প্ৰদান কৰাই নাছিল কেতিয়াও ।মাত্ৰ সামান্য জ্বৰ হোৱাৰ বাবে যোৱা ২২জুনত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকক দেখুৱাই চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসালয়ত থকা লেব'ৰেটৰিত ৰক্ত পৰীক্ষা কৰি ঘৰলৈ আহিছিল বয়স্ক ব্যক্তি দাস। অতি তাৎপৰ্যপূৰ্ণ বিষয় হল ঢকুৱাখনা যক্ষ্মা আঁচনিৰ সূত্ৰই কেৱল দাসক এই তথ্য অৱগত কৰাই নহয় যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ প্ৰামানিক (?)  তথ্যও ২৫ জুনত ৰিপৰ্ট প্ৰেৰণ কৰিলে ৰাষ্ট্ৰীয় যক্ষ্মা  দূৰীকৰণ  আঁচনিৰ জিলা যক্ষ্মা ৰোগ (এন টি ই পি)ৰ কাৰ্যালয়লৈ দৈনিক প্ৰতিবেদনত সন্নিবিষ্ট কৰি ।

যিটো প্ৰতিবেদন ৰাষ্ট্ৰীয় স্তৰলৈ প্ৰেৰিত হয় ।ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত থকা ডি এম চি যক্ষ্মা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰেৰিত এই তথ্য বাস্তৱত ভুৱা অসত্য আৰু এচাম অকমন্য বেতনভোগী কৰ্মচাৰীৰ মতলবী কাৰ্য বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ধনেশ্বৰ দাসৰ আত্মীয়ই। খেকাৰৰ  নমুনা নিদিয়াকৈ , নীতিগত ভাবে পৰীক্ষা কেন্দ্ৰৰ" টু নাট" অণুবীক্ষণ যন্ত্ৰত খেকাৰ পৰীক্ষা নকৰাকৈ এজন ব্যক্তিক কি দৰে যক্ষ্মা ৰোগী সজালে ঢকুৱাখনা গোটে তাক লৈ তীব্ৰ চাঞ্চল্যৰ সূত্ৰপাত ঘটিছে ৰাইজৰ মাজত ।

কেৱল সেয়ে নহয় ঢকুৱাখনা আঁচনিৰ কাণ্ডজ্ঞানহীন সূত্ৰই দৰিদ্ৰ চহা ব্যক্তিজনলৈ ফোন কৰি মাহে ৩হাজাৰ টকা পুষ্টিকৰ খাদ্য খাবলৈ চৰকাৰী ভাবে যোগান ধৰা ধন লাভ কৰিবলৈ দাসৰ একাউণ্ট নম্বৰ আৰু পাছবুকৰ কপি বিচাৰি হেঁচা প্ৰয়োগ কৰিছিল । কিন্তু সৎ আৰু সততাৰ বিপৰীতে নগৈ এনে ভুৱা বেমাৰৰ চৰকাৰী টকা নালাগে বুলি কৈ একাউণ্ট নম্বৰ আৰু পাছবুকৰ কপি নিদিলে উক্ত অবিবেচকী বিভাগীয় ব্যক্তিক । বৰঞ্চ এগৰাকী নিৰোগী বয়স্ক ব্যক্তিক ভুৱা আৰু মনেসজা ৰিপৰ্টৰ ভিত্তিত যক্ষ্মা ৰোগী সজাই ব্যক্তিজনৰ ওপৰত চলোৱা মানসিক নিৰ্যাতনৰ বিৰুদ্ধে গোচৰ তৰাৰ সকীয়নী দিয়াত নীৰৱে থাকে অকমন্য বিভাগীয় সূত্ৰতো।

দাসৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত জনোৱা মতে নিৰোগীক ৰোগী সজাই ঢকুৱাখনা আঁচনিৰ মতলবী আৰু কাণ্ডজ্ঞানহীন কৰ্মচাৰী সকলে অক্ষমনীয় অপৰাধৰ কৰিছে । বিভাগৰ নিৰ্দেশ মানি বৃদ্ধ দাস চিকিৎসালয়লৈ যোৱা হলেই বিভাগৰ ঘাটকৰূপী কৰ্মচাৰীযে যক্ষ্মা ৰোগৰ দৰৱ খাবলৈ বাধ্য কৰিলে হয়। যাৰ বাবে এক ভয়ানক অঘটন সংঘটিত হোৱাৰ আশংকা আছিল।

স্বাস্থ্যপৰীক্ষা আৰু ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত নিকৃষ্ট হেতালি খেলা ঢকুৱাখনাৰ এইসকল বিভাগীয় জ্ঞান শূণ্য কৰ্মচাৰীৰ বিৰুদ্ধে ঢকুৱাখনা স্বাস্থ্য বিভাগ ,ঢকুৱাখনা মহকুমা প্ৰশাসন ,লখিমপুৰ জিলা প্ৰশাসন ,জিলা স্বাস্থ্য সমিতি আৰু জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ হৃদয়া নন্দ বৰুৱাই নিৰপেক্ষ তদন্ত কৰাটো জৰুৰী বিবেচিত হৈছে। অন্যথাই অনাগত সময়তএনেবোৰ অকমন্য কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে ভয়ংকৰ বিপদ নামি আহিব নিৰীহৰ জীৱনলৈ । কেৱল মাহিলী বেতন লবলৈ খাপ পিটি নিৰোগীক ৰোগী সজাই নিৰীহৰ জীৱনকলৈ নির্লজ হেতালি খেলা এইসকল কাণ্ডজ্ঞানহীন কৰ্মচাৰীৰ অন্য এক দুষ্কাৰ্য অনুসন্ধান কালত পোহৰলৈ আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in